বনদস্যুৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ

বনদস্যুৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত বনজ সম্পদ লুণ্ঠৰ অঘোষিত প্ৰতিযোগিতা ৷উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি পাহাৰ খননেই নহয় কাৰ্বি পাহৰৰ মূল্যবান গছ কাটি এফালৰ পৰা টহিলং কৰিছে দুষ্টচক্ৰই।

উল্লেখ্যে যে ২০১৯ ৰ ১২ এপ্ৰিলৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত বনধ্বংস ৰোধ কৰাৰ বাবে খননত নিষেধাজ্ঞা জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। কিন্তু সকলো নীতি নিয়ম ভৰিৰে মোহাৰি বনদস্যুৱে পাহাৰ খনন কৰাই নহয় বৃহৎ বৃহৎ গছ হেলাৰঙে কাটি নিশেষ কৰিছে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ।

স্মৰ্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱৰ বাবে প্ৰাকৃতিক হাইলেণ্ডৰ ভূমিকা পালন কৰি আহিছে কাৰ্বি পাহাৰে কিন্তু সম্প্ৰতি কাৰ্বি পাহাৰত চলা নিৰ্মম অত্যাচাৰত নিশেষ হোৱাৰ পথত কাজিৰঙাৰ বন্যজীৱৰ আশ্ৰয়স্থলী সেউজীয়া কাৰ্বি পাহাৰ। কাৰ্বি আংলঙৰ বন বিভাগৰ একাংশ বিষয়াৰ বনদস্যুৰ সৈতে মিতিৰালিৰ ফলত অবাধ হাৰত চলিছে বনধ্বংস। একপ্ৰকাৰ বন বিভাগ অসাধু ব্যৱসায়ীৰ মিতিৰালীত কাজিৰঙাত এতিয়া কাঠৰ চিণ্ডিকেটৰাজ চলাৰো অভিযোগ উত্থাপন হৈছে।

এইক্ষেত্ৰত বনমন্ত্ৰীগৰাকীৰ চকু খোল খাবনে নাই তাকো লৈ সৃষ্টি হৈছে ৰহস্যৰ।মুঠতে যি সময়ত কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়ত কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বি পাহাৰত চলা এনে বন ধ্বংস ৰোধ কৰিবলৈ সক্ষম হবনে শাসনাধীন চৰকাৰখন? প্ৰশ্ন কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in