USTM ত ৪৭ সংখ্যক সৰ্বভাৰতীয় সমাজতাত্ত্বিক সন্মিলন...

USTM ত ৪৭ সংখ্যক সৰ্বভাৰতীয় সমাজতাত্ত্বিক সন্মিলন...
USTM ত ৪৭ সংখ্যক সৰ্বভাৰতীয় সমাজতাত্ত্বিক সন্মিলন...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইউ এছ টি এমত তিনিদীয়াকৈ অনুষ্ঠিত হোৱা 'ভাৰতত ১০০ বছৰৰ সমাজবিজ্ঞানঃ ভৱিষ্যতৰ বাবে গতিপথ অন্বেষণ' শীৰ্ষক বিষয়বস্তুৰ ওপৰত ৪৭ সংখ্যক সমাজতাত্ত্বিক সন্মিলনৰ আজি সামৰণি পৰে। ৰাজ্যপাল জগদীশ মুখীয়ে উদ্বোধন কৰা এই সন্মিলনত সমগ্ৰ দেশৰ ১২০০ ৰো অধিক সমাজবিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

আই এছ এছৰ সভাপতি অধ্যাপক আভা চৌহানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ সামৰণি অনুষ্ঠানত ইউ এছ টি এমৰ আচাৰ্য মাহবুবুল হকে সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সমাজবিজ্ঞানীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ নিজৰ ভাষণত কয়, যিকোনো বৃহৎ অনুষ্ঠান ইউ এছ টি এম শিক্ষাৰ্থীসকলৰ বাবে এক শিক্ষণ অধ্যায়। "আমি ইউ এছ টি এমক গ্ল'বেল ডেষ্টিনেশ্যন হিচাপে গঢ়ি তুলিব বিচাৰো।''

ইফালে আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ অধ্যাপক আৰ কে মোহান্তিৰ অধ্যক্ষতাত আজি অধ্যাপক যোগেন্দ্ৰ সিং স্মাৰক বক্তৃতাৰ বিষয় "সমাজতাত্ত্বিক আৰু সামাজিক নৃতাত্ত্বিক অধ্যয়নত উত্তৰ-পূব ভাৰত: উদীয়মান সমস্যা আৰু উদ্বেগ"ৰ ওপৰত জে এন ইউৰ অধ্যাপক দীপংকৰ গুপ্তাই ভাষণ প্ৰদান কৰে।

আনহাতে জে এন ইউৰ অধ্যাপক, পদ্মভূষণে আজিৰ সন্মিলনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। ভাৰতীয় সমাজতাত্ত্বিক সমাজৰ সভাপতি আৰু জম্মু বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞানৰ অধ্যাপক আভা চৌহানে "ভাৰতত সমাজবিজ্ঞানৰ এশ বছৰ: ভৱিষ্যতৰ বাবে গতিপথ অন্বেষণ" শীৰ্ষক ভাষণ প্ৰদান কৰে৷ ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাইও সমবেত লোকসকলক সম্বোধন কৰে।

তিনিদিনীয়া এই বৃহৎ সমাজতাত্ত্বিক অনুষ্ঠানত উদ্বোধনী আৰু সমাপ্তি অধিৱেশনৰ উপৰিও তিনিওটা দিনত তিনিটা স্মাৰক বক্তৃতা, তিনিটা পূৰ্ণাংগ অধিৱেশন আৰু ২৯ খন কাৰিকৰী অধিৱেশন অন্তৰ্ভুক্ত আছে। সন্মিলনত জীৱনজোৰা সাধনা বঁটা, স্মাৰক পুৰস্কাৰ, কিতাপ উন্মোচন আদি বিভিন্ন কাৰ্যসূচীও অন্তৰ্ভুক্ত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in