প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰীয়ে লাভ কৰিলে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা..

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰীয়ে লাভ কৰিলে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা..

author-image
Asomiya Pratidin
New Update
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰীয়ে লাভ কৰিলে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা..

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰীয়ে লাভ কৰিলে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা..

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হ'ল বিভিন্ন ভাষাৰ শিতানত সাহিত্য অকাডেমী বঁটা। বড়ো ভাষাত এইবাৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হ'ল কবি ৰশ্মি চৌধুৰীক।

Advertisment

বড়ো ভাষাত কবিতা চৰ্চা কৰি অহা ৰশ্মি চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ খবৰে বড়ো জনগোষ্ঠীয় লোকসকলৰ লগতে সামগ্ৰীক ভাৱে অসম তথা অসমৰ কবি সমাজ উৎফুল্লিত হৈ পৰিছে।

এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৰশ্মি চৌধুৰীয়ে তেওঁৰ চানচিনি মদিৰা কাব্য গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে। বাক্সা জিলাৰ বৰমাৰ কাটাহবাৰী কালজাৰ গাঁৱত জন্মগ্ৰহণ কৰা ৰশ্মি চৌধুৰীৰ পিতৃ অংগদ চৌধুৰী।

মথাথুলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৰশ্মি চৌধুৰীয়ে কবিতা চৰ্চাৰ জৰিয়তে বড়ো ভাষাৰ সাহিত্যক সমৃদ্ধ কৰিছে।

ক্লিক কৰি পঢ়কঃ তিনিচুকীয়াত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ অনশন কাৰ্যসূচী...

ৰশ্মি চৌধুৰী সাহিত্য অকাডেমী