
ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে বহু পদক্ষেপ হাতত লৈছে, বা বহু সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰি আহিছে কিন্তু তাৰ পাছতো ৰোধ হোৱা নাই বাল্য বিবাহ। এইবাৰ এজন ৪০ বছৰ বয়সীয়া ব্যক্তিয়ে বিয়া পাতিলে ১১ বছৰীয়া কিশোৰীক।
এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছিবান জিলাৰ মাৰৱা থানৰ অন্তৰ্গত অঞ্চলত। ঘটনাৰ বিৱৰণী অনুসৰি ৪০ বছৰ বয়সীয়া মহেন্দ্ৰ পাণ্ডে নামৰ লোক জনৰ পত্নী আৰু দুটাকৈ সন্তানো আছে।
মহেন্দ্ৰই বিয়া পতা বুলি অভিযোগ উঠা কিশোৰী গৰাকীৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিযোগ অনুসৰি কিশোৰী গৰাকীৰ মাতৃয়ে মহেন্দ্ৰৰ পৰা ২ লাখ টকাৰ ঋণ লৈছিল। কিন্তু সেই টকা তেওঁ ঘূৰাই দিব পৰা নাছিল। যাৰ বাবে মহেন্দ্ৰই ১১ বছৰীয়া কিশোৰী গৰাকীক বিয়া পাতি নিজৰ ঘৰত ৰাখে।
কিশোৰী গৰাকীৰ মাতৃয়ে কোৱা অনুসৰি মহেন্দ্ৰই তেওঁৰ কিশোৰী গৰাকীক পঢ়ুৱাব বুলি লৈ গৈছিল যদিও পিছত বিয়া পাতে। কিশোৰী গৰাকীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই আৰক্ষীয়ে এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। ভাইৰেল হোৱা ভিডিঅ'ত কিশোৰী গৰাকীৰ শিৰত সেন্দুৰ দেখা যায়। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।