এতিয়াও উদ্ধাৰ হোৱা নাই সুৰংগত আবদ্ধ ৪০ শ্ৰমিক : অসুস্থ দুই শ্ৰমিক

পৰিয়ালৰ লোকৰ উদ্বেগ প্ৰকাশ

author-image
Asomiya Pratidin
New Update
এতিয়াও উদ্ধাৰ হোৱা নাই সুৰংগত আবদ্ধ ৪০ শ্ৰমিক : অসুস্থ দুই শ্ৰমিক

এতিয়াও উদ্ধাৰ হোৱা নাই সুৰংগত আবদ্ধ ৪০ শ্ৰমিক

ডিজিটেল ডেস্ক : এতিয়াও সফল হোৱা নাই উত্তৰ প্ৰদেশ ৰাজ্যৰ উত্তৰ কাশীত সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান। অৱ্যাহত আছে ৪০গৰাকী শ্ৰমিকৰ উদ্ধাৰ অভিযান পৰ্ব।

Advertisment

উল্লেখ্য যে, যোৱা দেওবাৰে উত্তৰকাশীত নিৰ্মীয়মাণ এটা সুৰংগত সংঘটিত হৈছিল ভূমিস্খলন। ফলত সুৰংগটোৰ কাম কৰি থকা অৱস্থাতে ৪০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল।

ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পাছতো উদ্ধাৰ নোহোৱা শ্ৰমিকৰ বিপৰীতে দুগৰাকী শ্ৰমিক অসুস্থ হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে পাইপেৰে খাদ্য,অক্সিজেন,দৰৱ-পাতি যোগান ধৰা হৈছে।

সম্প্ৰতি ড্ৰিলিং মেচিনেৰে উদ্ধাৰ কাৰ্য্য চলি আছে। ইফালে আবদ্ধ শ্ৰমিকৰ পৰিয়ালৰ লোকসকলে শ্ৰমিকসকলক উদ্ধাৰ কৰিব নোৱাৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

Also Read: কলিয়াবৰৰ নলতলিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

Uttarakhand tunnel Labourers