কলিয়াবৰৰ নলতলিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

কলিয়াবৰৰ নলতলিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰ মহকুমাৰ নলতলি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে নিশা প্ৰায় ১০-৩০ বজাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত মামনি দাস (৪৮) নামৰ মহিলাগৰাকীয়ে থিতাতে নিহত হয়। লগতে তেওঁৰ স্বামী শৈলেচ দেৱনাথ(৫০) গুৰুতৰভাৱে আহত হয় ৷

জানিব পৰামতে,কলিয়াবৰৰ কুহিমাৰী নিৱাসী তথা মছলা ব্যৱসায়ী দম্পতীয়ে তেজপুৰৰ ব্যৱসায়ীস্থলীৰ পৰা বৰষুণত তিতি এ এছ ০২ কে ৭০৩৭ নম্বৰৰ গ্লেমাৰ বাইকখনৰে গৃহ অভিমুখে আহি আছিল। আহি থকা পথত নলতলী পেট্ৰ’ল পাম্পৰ সমীপত বিপৰীতমুখী অচিনাক্ত বাহনৰ খুন্দাত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনাত আহত হোৱা স্বামী শৈলেচ দাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

কলিয়াবৰৰ নলতলিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু
গোনা ম’হৰ আক্রমণত গুৰুতৰভাৱে শ্ৰমিক আহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in