Advertisment

চৰকাৰী আঁচনিৰ ধনৰ লোভত বাৰাণসীত ৪০ গৰাকী অবিবাহিতা হ'ল সন্তানসম্ভৱা !

চৰকাৰী আঁচনিৰ ধনৰ লোভত বাৰাণসীত ৪০ গৰাকী অবিবাহিতা হ'ল সন্তানসম্ভৱা !

author-image
Asomiya Pratidin
New Update
চৰকাৰী আঁচনিৰ ধনৰ লোভত বাৰাণসীত ৪০ গৰাকী অবিবাহিতা হ'ল সন্তানসম্ভৱা !

ডিজিটেল ডেস্ক : এটা অভিযোগৰ বাবে দুই কুৰি অবিবাহিত যুৱতীৰ হানি হ’ল আত্মসন্মান। বাৰাণসীৰ এটি অংগনবাড়ী কেন্দ্ৰৰ চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ বাবেই ৪০ গৰাকী অবিবাহিত যুৱতী সন্মুখীন হ’ল ডাঙৰ প্ৰত্যাহ্বানৰ।

Advertisment

বাৰাণাসীৰ ৰামনাৰ মালহিয়া গাঁৱৰ এটি অংগনবাড়ীলৈ কেন্দ্ৰলৈ সন্তানসম্ভৱা মহিলা আৰু শিশুৰ খাদ্য সামগ্ৰীৰ বাবে আৱণ্টন দিয়া হৈছিল আৰ্থিক পুঁজি। কিন্তু এই পুঁজিৰ ধন কোনোৱে আত্মসাৎ কৰাৰ বাবে কোনো বিচাৰ- বিবেচনা নকৰি ৪০ গৰাকী অবিবাহিত যুৱতীক সন্তানসম্ভৱা বুলি আখ্যা দিয়ে।

জানিব পৰা মতে যিকেইগৰাকী যুৱতীৰ ওপৰত সন্তানসম্ভৱাৰ হোৱাৰ লেবেল দিয়া হৈছে, তেঁওলোকে অংগনবাড়ী কেন্দ্ৰটোত মিছাকৈয়ে সন্তানসম্ভৱা বুলি নিজৰ নাম পঞ্জীয়ন কৰিছিল। তাৰোপৰি তেঁওলোকে সন্তানসম্ভৱা মহিলা আৰু শিশুৰ বাবে অহা খাদ্যৰ ধন আত্মসাৎ কৰিছিল। লঘু দোষতে গুৰুতৰ অভিযোগ দিয়া কাৰ্যক যুৱতীকেইগৰাকীয়ে নিন্দা কৰিছে।

Also Read: বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে চিলাপথাৰত ভাষা গৌৰৱ সপ্তাহ পালন

Government Scheme