/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/mfexr1dv/332.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে চিলাপথাৰতো অনুষ্ঠিত হ'ল ভাষা গৌৰৱ সপ্তাহ। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু চিলাপথাৰ পৌৰসভাৰ সহযোগত দঞি প:ল সংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ভাষা গৌৰৱ সপ্তাহ।
এই উপলক্ষত অনুষ্ঠিত কাৰ্য্যসূচী অনুসৰি পোনতে চিলাপথাৰ বন বিভাগৰ কাৰ্য্যলয়ৰ সম্মুখৰ পৰা উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত বড়ো, মিছিং, সোণোৱাল কছাৰী, ৰাভা, দেউৰী, হাজং, গোৰ্খা আদি জাতি জনগোষ্ঠীয় সংস্কৃতিক দলে ভাগ লয়। ইয়াৰ উপৰি অঞ্চলটোৰ বিভিন্ন স্কুল আৰু কলেজৰ ছাত্ৰ- ছাত্ৰীসকলে শোভাযাত্ৰাত ভাগ লয়।
উল্লেখযোগ্য যে পাঁচ সহস্ৰাধিক লোকে অংশ লোৱা সমদলৰ পিছতে সংস্কৃতিক স্থানীয় কেন্দ্ৰত অনুষ্ঠিত হয় বিশাল মুকলি সভা। সুমধুৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কেবাটাও সংস্কৃতিক দলে পৰিবেশন কৰে আকৰ্ষণীয় গীত- নৃত্য।
ইয়াৰ লগতে মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাই। মুকলি সভাত জিলা স্থানীয় সাংসদ, প্ৰশাসনৰ বিষয়বিষয়ববীয়া, পৌৰসভাৰ বিষয়া, জনপ্রতিনিধি, শিক্ষাবিদৰ লগতে বহু বৰণ্য ব্যক্তি উপস্থিত থাকে।
Also Read: কচুৱাৰ পাহাৰতলিত বনৰীয়া হাতীৰ মৃত্যু...