মায়ঙত "ৰিণিকি ৰিণিকি..." শীৰ্ষক বিহু গীতত কঁকাল ঘূৰাই নাচিলে ৫০০ বিহুৱতীয়ে

আয়োজক সমিতিয়ে জনোৱা মতে দিনৰ ভাগত কুইজ প্ৰতিযোগিতা,নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
মায়ঙত "ৰিণিকি ৰিণিকি..." শীৰ্ষক বিহু গীতত কঁকাল ঘূৰাই নাচিলে ৫০০ বিহুৱতীয়ে

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও পঞ্চায়তৰ উদ্যোগত ৫০০ গৰাকী বিহুৱতীয়ে "ৰিনিকি ৰিনিকি..." শীৰ্ষক বিহু গীতটিত বিহুনাচ প্ৰদৰ্শন কৰি সহস্ৰাধিক বিহু বলিয়া ৰাইজক মুগ্ধ কৰে। ঝাৰগাঁও লক্ষী মন্দিৰ চৌহদৰ বিহুতলীত বিহুৱতীসকলে কঁকাল ঘূৰাই নাচে ।

Advertisment

অঞ্চলটিৰ দৈপৰা স্কুল খেলপথাৰত হৈছিল বিহুনাচৰ আখৰা। সৰুসজাই ষ্টেডিয়ামত বিহু নাচি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হোৱা দলটোৰ ৭গৰাকী বিহুৱতীয়ে মাত্ৰ ৫দিন প্ৰশিক্ষণ দি বসন্ত উৎসৱৰ বাকৰিত সুন্দৰকৈ নচুৱাবলৈ সক্ষম হয়।

গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মীমাই কেলেঙৰ উদ্যোগত পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ লগতে সকলো সম্প্ৰদায়ৰ ৰাইজৰ সহযোগত অনুষ্ঠানটি সফল কৰি তোলে। আয়োজক সমিতিয়ে জনোৱা মতে দিনৰ ভাগত কুইজ প্ৰতিযোগিতা,নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

বিহুৰ বাকৰি উদ্বোধন কৰে যুব সমাজ কৰ্মী অপূৰ্ব ডেকাই। আৰম্ভণি ভাষণ ৰাখে লিখক তথা সমাজকৰ্মী মুহিকান্ত বৰদলৈয়ে। অনুষ্ঠান পৰিচালনা কৰে সাংবাদিক তথা সাংস্কৃতিক উপ সমিতিৰ সভাপতি নজৰুল ইছলামে।

বিহুৰ বাকৰিত চিকিৎসক, কুমাৰ, দৰ্জী,সমাজকৰ্মী, অভিনেতাসহ ৪০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় বুলি জানিবলৈ দিয়ে।

Also Read: ওদালগুৰিৰ বানপানী-খহনীয়াপ্ৰৱণ অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষৰ

Bohag Bihu