মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল 'ড্ৰেছ কোড'

মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল 'ড্ৰেছ কোড'

ডিজিটেল ডেস্ক : শুক্ৰবাৰে মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল ড্ৰেছ কোড অথবা বস্ত্ৰ সংহিতা । চলিত মাহৰ আৰম্ভণিতেই ৰাজ্যখনৰ তুলিজা ভৱানী মন্দিৰত এই প্ৰথাৰ প্ৰচলন কৰাৰ কথা উত্থাপন কৰা হৈছিল ।

যাৰ ফলস্বৰূপেই মহাৰাষ্ট্ৰ মন্দিৰ মহাসংঘ (Maharashtra Mandir Mahasangha) ই শুক্ৰবাৰে বস্ত্ৰ সংহিতাৰ আৰম্ভণি কৰে ৰাজ্যখনৰ ৪টাকৈ মন্দিৰত ।

গোপালকৃষ্ণ মন্দিৰ, সংকটমোচন পঞ্চমুখী হনুমান মন্দিৰ, বৃহস্পতি মন্দিৰ আৰু দুৰ্গামাতা মন্দিৰত আৰম্ভ কৰা এই প্ৰথা পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিটো মন্দিৰতেই আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে । এই নিয়ম অনুসৰি, ভক্তসকলে মাৰ্জিত পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰত । তদুপৰি মন্দিৰৰ চৌহদৰ বিভিন্ন স্থানত উল্লেখ থাকিব নিয়মৱলী ।

উল্লেখ্য যে, এই নিয়ম আৰম্ভ কৰাৰ কিছু সময়ৰ ভিতৰতেই সৃষ্টি হোৱা তীব্ৰ চাঞ্চল্যৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে এই নিয়মৱলী বন্ধ কৰিবলৈ বাধ্য হয় মহাৰাষ্ট্ৰ মন্দিৰ মহাসংঘই ।

মহাৰাষ্ট্ৰৰ ৪টাকৈ মন্দিৰত আৰম্ভ কৰা হ'ল 'ড্ৰেছ কোড'
এইবাৰ ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য ইউক্ৰেইনৰ চিকিৎসালয়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in