এইবাৰ ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য ইউক্ৰেইনৰ চিকিৎসালয়

এইবাৰ ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য ইউক্ৰেইনৰ চিকিৎসালয়
Published on
Updated on

ডিজিটেল ডেস্ক : সময় অতিক্ৰম কৰাৰ সৈতেই ক্ৰমাৎ কুৎসিত হৈ গৈ আছে ৰাছিয়াৰ আগ্ৰাসন । এই আগ্ৰাসনে অতিক্ৰম কৰিলে এবছৰৰো অধিক কাল । এই সময়ছোৱাতেই ইউক্ৰেইনৰ স্কুল-কলেজৰ ওপৰত বোমা নিক্ষেপ কৰাৰ ওপৰিও নিষিদ্ধ তেজস্ক্ৰিয় বোমাও ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৰাছিয়াৰ ওপৰত । যদিও ৰাছিয়াই সেই সকলো দাবী নস্যাৎ কৰি আহিছিল কিন্তু ৰাছিয়াৰ আগ্ৰাসী ধ্বংসকামী মানসিকতাক কিন্তু কোনেও নুই কৰিব নোৱাৰিলে ।

ইতিমধ্যে দুয়োখন দেশেই আলোচনাৰ দিশে ধীৰ গতিৰে হ'লেও আগবঢ়া পৰিলক্ষিত হৈছিল । ৰাছিয়াৰ মতে আক্ৰমণ কৰিছে যিহেতু কোনো এক অঞ্চল যেন ৰাছিয়াৰ অন্তৰ্গত হ'বই লাগিব । ইউক্ৰেইনৰ মতে এতিয়া ইউক্ৰেইনৰ সেনা ক্ৰিমিয়াত আছে, তেনেস্থলত ক্ৰিমিয়াই হওক আন্তৰ্জাতিক সীমা । তাৰ মাজতেই ৰাছিয়াই ইউক্ৰেইনৰ চিকিৎসালয়ত চলোৱা মিছাইল আক্ৰমণত আহত হ'ল প্ৰায় ৩০ জনকৈ লোক, ইয়াৰ ওপৰিও নিহত হ'ল দুজন লোক । আনহাতে, আঘাতপ্ৰাপ্তসকলৰ মাজত আছে দুটিকৈ ছবছৰীয়া শিশু ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কীয়ে সামাজিক মাধ্যমত ধ্বংসস্তূপত পৰিণত হোৱা চিকিৎসালয়খনৰ ভিডিঅ' এটি প্ৰকাশ কৰি মন্তব্য প্ৰদান কৰে যে, ৰাছিয়াই এই কাৰ্যৰ দ্বাৰা আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে যুদ্ধনীতি মানি নচলে ৰাছিয়া ।

উল্লেখ্য যে, চিকিৎসালয়ত ৰাছিয়াৰ মিছাইল নিক্ষেপণ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ৰাছিয়াই এনে ঘটনা সংঘটিত কৰি থৈছে । কিন্তু তাৰ পাছতো সাহস গোটাব পৰা নাই নাটো (NATO)ই ।        

এইবাৰ ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য ইউক্ৰেইনৰ চিকিৎসালয়
গহপুৰ মহকুমা প্ৰশাসনৰ ফটোগ্ৰাফি প্ৰতিযোগিতা....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in