কেৰালাৰ CUSAT বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠান পদদলিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্য, ৬৪ গৰাকী আহত...

কেৰালাৰ CUSAT বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠান পদদলিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্য, ৬৪ গৰাকী আহত...
কেৰালাৰ CUSAT বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠান পদদলিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্য, ৬৪ গৰাকী আহত...

ডিজিটেল ডেস্কঃ কেৰালাৰ কোচিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক সংগীতানুষ্ঠানত ৪ জনকৈ শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৬৪ গৰাকীকৈ শিক্ষাৰ্থী আহত হোৱাৰ এক ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হৈছিল এই সংগীতানুষ্ঠান।

তাৰ মাজতে পদদলিত হোৱাৰ ফলত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পাছতে ততাতৈয়াকৈ শিক্ষাৰ্থীসকলক হাস্পতালত ভৰ্তি কৰোৱাবলৈ লৈ অহা হয় যদিও দুগৰাকী ছাত্ৰী আৰু দুজন ছাত্ৰৰ চিকিৎসালয়তে মৃত্যু হয়।

এই ৪ শিক্ষাৰ্থীৰ ভিতৰত ৩ গৰাকী অভিযান্ত্ৰিক বিভাগৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী। তেওঁলোক ক্ৰমে আথুল থাম্পি, এন ৰুফটা আৰু চেন্দ্ৰা থমাছ। বিশ্ববিদ্যালয়খনত বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী নিখিতা গান্ধীয়ে পৰিৱেশন কৰাৰ কথা আছিল এই সংগীতানুষ্ঠান।

ঘটনা সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নে শোক প্ৰকাশ কৰি জুৰুৰী কেবিনেট বৈঠক আহ্বান কৰিছে। এক্সত তেওঁ লিখিছে, উদ্যোগ মন্ত্ৰী আৰু উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰীক বিশ্ববিদ্যালয়খনৰ পৰিস্থিতি পৰ্যবেক্ষন কৰিবলৈ প্ৰেৰণ কৰিছে।

ইয়াৰোপৰি তেওঁ এক্সত লিখিছে, "এৰ্নাকুলামৰ চি ইউ এছ এ টি বিশ্ববিদ্যালয়ত সংঘটিত দুৰ্ঘটনাক লৈ সমগ্ৰ ৰাজ্য হতবাক হৈ পৰিছে। প্ৰাণ হেৰুওৱা চাৰিজন শিক্ষাৰ্থীৰ পৰিয়ালৰ সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ বাবে তাৎক্ষণিক আৰু বৰ্ধিত চিকিৎসা সুবিধাৰ ব্যৱস্থা কৰা হৈছে। উদ্যোগ মন্ত্ৰী পি ৰাজীৱ আৰু উচ্চ শিক্ষা মন্ত্ৰী আৰ বিন্দুয়ে পৰিস্থিতি পোনপটীয়া পৰ্যবেক্ষণ কৰিবলৈ এৰ্নাকুলামলৈ ৰাওনা হৈছে। ঘটনাটোৰ পুংখানুপুংখ তদন্ত পলম নকৰাকৈ আৰম্ভ হ'ব।"

একেদৰে, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানেও ঘটনাত শোক প্ৰকাশ কৰি কয়, "কোচিন বিশ্ববিদ্যালয়ত সংঘটিত পদদলিত ঘটনাত চাৰিজন শিক্ষাৰ্থীৰ দুখজনক মৃত্যুৰ বিষয়ে জানি গভীৰভাৱে হতবাক আৰু শোকাহত।"

ঘটনা সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, প্ৰাথমিক তদন্ত অনুসৰি হঠাৎ হোৱা এজাক বৰষুণৰ বাবে মুকলি ঠাইৰ পৰা আন এটা অঞ্চললৈ সকলো দৌৰি গৈছিল। ফলত বহু কেইজন শিক্ষাৰ্থী মাটীত বাগৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এই ঘটনা সংঘটিত হয়।

ইফালে ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ শংকৰণে শনিবাৰে নিশা সংবাদ সংস্থা এ এন আইক কয়, "টেক ফেষ্টৰ অংশ হিচাপে এটা সংগীত অনুষ্ঠানও আয়োজন কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ, ভিৰ যথেষ্ট আছিল আৰু বৰষুণ হৈছিল। ফলত কিছু সমস্যাৰ সৃষ্টি হৈছিল আৰু একাংশ শিক্ষাৰ্থী পদপিষ্ঠ হৈছিল। আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীৰ সংখ্যা মই কাইলৈহে ক'ব পাৰিম। অনুষ্ঠানত ২,০০০ তকৈও অধিক লোক উপস্থিত আছিল। ২ জন শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক।"

আনহাতে আন এগৰাকী বিষয়াৰ মতে অনুষ্ঠানটোত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে একেখন গেট হোৱাৰ বাবে এই পদপিষ্ঠৰ ঘটনা সংঘটিত হয়। ইফালে অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰিবলৈ অহা সংগীত শিল্পী নিখিতা গান্ধীয়ে ইনষ্টাগ্ৰামত লিখিছে এয়া এক বেদনাদায়ক ঘটনা।

অৱশ্যে তেওঁ অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰাৰ পূৰ্বেই সংঘটিত হয় এই ঘটনা। তেওঁ গভীৰ দুখ প্ৰকাশ কৰি নিহত শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰিছে।

কেৰালাৰ CUSAT বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠান পদদলিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্য, ৬৪ গৰাকী আহত...
কাছাৰত গ্রেপ্তাৰ মণিপুৰী উগ্রপন্থী সংগঠনৰ কেডাৰঃ অস্ত্ৰ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in