৬ ৰ পৰা ১২ বছৰীয়া শিশুত অপহৰণ, ধৰ্ষণ, হত্যাৰ অভিযুক্ত ৰবীন্দৰক শাস্তি আদালতৰ

৩০ টাকৈ শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন যুৱকক শাস্তি বিহে আদালতে।

author-image
Asomiya Pratidin
New Update
৬ ৰ পৰা ১২ বছৰীয়া শিশুত অপহৰণ, ধৰ্ষণ, হত্যাৰ অভিযুক্ত ৰবীন্দৰক শাস্তি আদালতৰ

ডিজিটেল ডেস্কঃ ৩০ টাকৈ শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন যুৱকক শাস্তি বিহে আদালতে। তেওঁৰ বিৰুদ্ধে থকা গোচৰ সমূহত দোষী সাৱ্যস্ত হোৱাৰ পাছত বৃহস্পতিবাৰে(২৫মে') দিল্লীৰ এখন আদালতে যুৱক ৰবীন্দৰ কুমাৰক আজীৱন কাৰাদণ্ড বিহে।

এটি ৬ বছৰীয়া শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ৬ মে'ত ৰোহিনীৰ আদালতে ৰৱীন্দৰক দোষী সাৱ্যস্ত কৰিছিল। শাস্তিৰ ঘোষণা যোৱা সম্পাহতে হ'ব লাগিছিল যদিও ৰবীন্দৰৰ সম্পত্তিৰ তথ্য নোপোৱাৰ বাবে দিন পিছুৱাই দিয়া হৈছিল।

 অভিযোগ অনুসৰি ৰবীন্দৰ কুমাৰে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ প্ৰায়  ৩০ টা শিশুক অপহৰণ, ধৰ্ষণ কৰি হত্যা কৰিছিল। ২০১৫ চনতে ৰবীন্দৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উত্তৰ প্ৰদেশ, কাচগঞ্জৰ বাসিন্দ ৰবীন্দৰ ১৮ বছৰ বয়সত দিল্লীলৈ আহিছিল।  কিন্তু পাছলৈ তেওঁ ড্ৰাগছ আৰু পৰ্ণত আসক্ত হৈ পৰে।

আৰক্ষীয়ে জনাই যে, ড্ৰাগছ সেৱন কৰাৰ পাছত ৰবীন্দৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰে। তাৰপাছতে অভিযুক্তই নিৰ্মাণকাৰ্য চলি থকা বা দুখীয়া মানুহে বাস কৰা অঞ্চলসমূহলৈ যায়।

তাতেই তেওঁ কোনো শিশুক ১০ টকা বা চকলেটৰ প্ৰলোভন দি অন্য ঠাইলৈ লৈ যায় ধৰ্ষণ কৰি হত্যা কৰে। বিশেষকৈ পিতৃ-মাতৃ নোহোৱা শিশুক টাৰ্গেট কৰে তেওঁ। ৰবীন্দৰৰ কামনাৰ বলি হোৱা সবাতোকৈ সৰু শিশুটিৰ বয়স ৬ বছৰ আৰু সবাতোকৈ ডাঙৰ ভুক্তোভোগীৰ বয়স ১২ বছৰ।

Also Read: প্ৰেমিকৰ লগত অসংযত অৱস্থাত দেখা বাবেই কিশোৰীয়ে হত্যা কৰিলে ৯ বছৰীয়া ভগ্নীক

delhi crime