আমেৰিকাত উদ্ধাৰ পতি-পত্নী আৰু দুই সন্তানৰ মৃতদেহ, পৰিয়ালটো আছিল ভাৰতীয়মূলৰ

আমেৰিকাত উদ্ধাৰ পতি-পত্নী আৰু দুই সন্তানৰ মৃতদেহ, পৰিয়ালটো আছিল ভাৰতীয়মূলৰ

ডিজিটেল ডেস্কঃ ভাৰতীয়মূলৰ ৪ গৰাকীৰ মৃতদেহ উদ্ধাৰ আমৰিকাৰ কেলিফৰ্ণিয়াত। মৃতদেহ উদ্ধাৰ হোৱা ৪ জনৰ ভিতৰত দুই শিশুও আছে। মৃত্যু হোৱাসকল ক্ৰমে-আনন্দ সুজিত হেনৰী, পত্নী এলিছ প্ৰিয়ংকা আৰু তেওঁলোকৰ দুই যজম সন্তান।

উল্লেখ্য যে, কোনো আত্মীয়ই পৰিয়ালটোলৈ ফোন কৰি আছিল যদিও কোনোৱে ফোন ৰিচিভ কৰা নাছিল। তাৰ পাছতে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে পৰৱৰ্তী সময়ত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছিল।

জানিব পৰা মতে মৃতলোকসকল কেৰলাৰ আছিল। আৰক্ষীয়ে এই ঘটনাটোত হত্যা আৰু আত্মহত্যা দুয়োটাফালৰ পৰা তদন্ত কৰি আছে। জানিব পৰা মতে গুলী লগাৰ ফলত পতি-পত্নীৰ মৃত্যু হয়।  ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৯মিমি পিস্তল আৰু এটা মেগজিন উদ্ধাৰ কৰিছে।

আনন্দ আৰু এলিছ দুয়ো আইটি চেক্টৰত কৰ্মৰত। বিগত ৯ বছৰ ধৰি তেওঁলোক আমেৰিকাত আছিল। আনন্দ ছফ্টৱেৰ ই়ঞ্জিনিয়াৰ আৰু পত্নী এগৰাকী জ্যেষ্ঠ বিষয়া আছিল। দম্পতিহালে ২০২০ চনত ১৭.৪২ কোটি টকাৰ এটা ঘৰো ক্ৰয় কৰিছিল।

আৰক্ষীয়ৰ তদন্তত পোহৰলৈ আহিছে যে আনন্দই ২০১৬ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু এই প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল। এতিয়ালৈ আৰক্ষীয়ে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

আমেৰিকাত উদ্ধাৰ পতি-পত্নী আৰু দুই সন্তানৰ মৃতদেহ, পৰিয়ালটো আছিল ভাৰতীয়মূলৰ
সৰস্বতী পূজালৈ যোৱাৰ সময়তে দুৰ্ঘটনাপতিত যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in