সৰস্বতী পূজালৈ যোৱাৰ সময়তে দুৰ্ঘটনাপতিত যুৱক

সৰস্বতী পূজালৈ যোৱাৰ সময়তে দুৰ্ঘটনাপতিত যুৱক

ডিজিটেল সংবাদ, হাজোঃ সৰস্বতী পূজাৰ সময়তে হাজোৰ জাপিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। পূজালৈ বুলি বাইকৰে যোৱা দুই যুৱকক মহতিয়াই নিলে তীব্ৰ বেগী ট্ৰাকে।গুৰুতৰ ভাবে আহত হৈছে দুই যুৱক ক্ৰমে সুৰুজ আলী আৰু ইজাজুল হক।

উল্লেখযোগ্য পূজাস্থলীলৈ বাইকৰে ওলাই যোৱা দুই যুৱকক হাজোৰ জাপিয়াত তীব্ৰ বেগী ট্ৰাকে খুন্দিয়াই। দুই যুৱক সংজ্ঞাহীন হৈ পৰাত ততালিকে হাস্পিতালৈ প্ৰেৰণ কৰে ৰাইজে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পূজাৰ সময়ত হোৱা পথ দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলত চেপা উত্তেজনাৰ বিৰাজমান কৰিছে।

সৰস্বতী পূজালৈ যোৱাৰ সময়তে দুৰ্ঘটনাপতিত যুৱক
দেউতাকৰ গাড়ী লৈ গৈছিল ফুৰিবলৈ, দুৰ্ঘটনাতপতিত নৱম শ্ৰেণীৰ ছাত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in