/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7951c038-335e-4461-ba57-d1688c228f0d/dfxc.jpg)
ডিজিটেল ডেস্কঃ বৰ্বৰ, নৃশংস! ৬ মহীয়া শিশুসহ পৰিয়ালৰ ৪ জনলোকক অতি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিলে দুৰ্বৃত্তই। এই ঘটনা মঙলবাৰে নিশা ৰাজস্থানৰ এখন গাঁৱত সংঘটিত হৈছে। আটাইকেইজনকে ঘৰৰ চোতালত জুই লগাই দিয়ে দুৰ্বৃত্তই।
আৰক্ষীৰ মতে ঘটনাটো কালি নিশা চৌৰাই গাঁৱত সংঘটিত হয়। স্থানীয় বাসিন্দাসকলে পুনাৰামৰ (৫৫) ঘৰৰ পৰা ধোঁৱা ওলাই থকা দেখিছিল আৰু তেতিয়াই আৰক্ষীক খবৰ দিছিল।
আৰক্ষী অহাৰ পাছত পৰিয়ালটোৰ চোতালত পুনাৰাম, তেওঁৰ পত্নী ভানৱৰী (৫০) আৰু বোৱাৰী ধাপুৰ দগ্ধ মৃতদেহ উদ্ধাৰ কৰিছিল। ধাপুৰ শৰীৰৰ কাষতে পৰি আছিল ৬ মহীয়া শিশুটিৰ মৃতদেহ। সেই দৃশ্যাংশ অতি ভয়ংকৰ আছিল বুলি আৰক্ষীয়ে জনাইছে।
জানিব পৰা মতে পৰিয়ালটোৱে খেতি কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালৰ লোকসকলৰ ডিঙি কাটি চোতাললৈ অনা হৈছিল আৰু পাছত জুই লগাই দিছিল। এয়া শত্ৰুতাৰ বাবে হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনে কিয় হত্যা কৰিলে এই সন্দৰ্ভত একো জানিবলৈ সক্ষম হোৱা নাই। হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয়লোকে।
Also Read: নমামী গংগা প্রকল্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ বৰ্তমান পৰ্যন্ত ১৫জনৰ মৃত্যু
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us