নমামী গংগা প্রকল্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ বৰ্তমান পৰ্যন্ত ১৫জনৰ মৃত্যু

নমামী গংগা প্রকল্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ বৰ্তমান পৰ্যন্ত ১৫জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ চামোলীৰ নমামী গংগা প্রকল্পত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ ১৫জন লোকৰ মৃত্যু। বুধবাৰে সংঘটিত হয় এই ঘটনা।অলকানন্দা নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়।

ইয়াৰে ৪গৰাকী নিৰাপত্তা বাহিনীৰ লোক। ঘটনাত ২০ জনতকৈ অধিকলোক আহত হয়। আনহাতে নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্রকল্পস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

ইতিমধ্যে ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

উল্লেখ্য যে, মঙলবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল। আৰক্ষীয়ে স্থানীয় লোকৰ সৈতে মৃতকৰ ব্যক্তিগত পঞ্চনামা কৰিবলৈ নৰ্দমা প্ৰকল্পৰ ওচৰত উপস্থিত হৈছিল তেতিয়াই এইঘটনা সংঘটিত হয়।

নমামী গংগা প্রকল্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ বৰ্তমান পৰ্যন্ত ১৫জনৰ মৃত্যু
শামুকৰ খোলাত চিত্ৰ অংকন, গোগামুখৰ যুৱকে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in