মাণ্ডাছৰ ভয়ত ত্ৰষ্টমান তামিলনাডু ! ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ...

মাণ্ডাছৰ ভয়ত ত্ৰষ্টমান তামিলনাডু ! ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ...
মাণ্ডাছৰ ভয়ত ত্ৰষ্টমান তামিলনাডু ! ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ...

ডিজিটেল ডেস্কঃ ভয়ংকৰ সাগৰীয়া ঘূৰ্ণীবতাহ মাণ্ডাছক কেন্দ্ৰ কৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। বংগোপসাগৰৰ ওপৰত প্ৰচণ্ড গতিত বলিছে মাণ্ডাছ ঘৰ্ণীবতাহ।

এই পৰ্যন্ত মাণ্ডাছ ঘূৰ্ণীবতাহৰ প্ৰভাৱত চেন্নাইত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে।শুকুৰবাৰে নিশা চেন্নাইৰ উপকূলৰ কাষেৰে পাৰ হৈ গৈছে এই মাণ্ডাছ । ফলত তামিলনাডু, পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহত প্ৰৱল বৃষ্টিপাত হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি থিৰুৱাল্লুৰ, চেংগাল পাটু, ভেল্লোৰ, ৰাণীপেট্টাই আৰু কাঞ্চীপুৰমকে ধৰি ১২খন জিলাৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। একেদৰে বন্ধ ঘোষণা কৰা হৈছে চেন্নাইৰ সকলো উদ্যান, খেলপথাৰ।

প্ৰশাসনে উপকূলীয় অঞ্চলত বন্ধ ৰখাৰ নিৰ্দেশ দিছে সকলো ধৰণৰ ব্যৱসায়ীক প্ৰতিষ্ঠান। সকলোকে উপকূলীয় অঞ্চল পৰিহাৰ কৰি চলিবলৈও কোৱা হৈছে। আনহাতে মাছমৰীয়া সকলে আগন্তুক ৩ দিন মাছ ধৰিবলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে।

সাম্ভাব্য ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৫,০৩৯টা সাহায্য কেন্দ্ৰ আৰু ১২১ টা আশ্রয় শিবিৰ স্থাপন কৰিছে। মাণ্ডাছৰ বাবেই চেন্নাইত ১১৫ মিঃমিঃ পৰ্যন্ত বৰষুণ হৈছে। মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কয় যে, ৯ আৰু ১০ ডিচেম্বৰৰ মাজনিশা বতৰ প্ৰণালীয়ে উপকূল অতিক্ৰম কৰাৰ সময়ত ৭০ কিলোমিটাৰ প্ৰতি ঘণ্টা বতাহৰ গতিৰ প্ৰভাৱত চেন্নাইত প্ৰায় ৪০০ গছ বাগৰি পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in