সন্মাৰ ৰক্ষাৰ যুঁজ ঈশান কিষাণৰ দুৰ্দান্ত ৰূপঃ ত্ৰাহি মধুসূদন কাঢ়িলে বাংলাদেশৰ বলাৰে...

সন্মাৰ ৰক্ষাৰ যুঁজ ঈশান কিষাণৰ দুৰ্দান্ত ৰূপঃ ত্ৰাহি মধুসূদন কাঢ়িলে বাংলাদেশৰ বলাৰে...

author-image
Asomiya Pratidin
New Update
সন্মাৰ ৰক্ষাৰ যুঁজ ঈশান কিষাণৰ দুৰ্দান্ত ৰূপঃ ত্ৰাহি মধুসূদন কাঢ়িলে বাংলাদেশৰ বলাৰে...

সন্মাৰ ৰক্ষাৰ যুঁজ ঈশান কিষাণৰ দুৰ্দান্ত ৰূপঃ ত্ৰাহি মধুসূদন কাঢ়িলে বাংলাদেশৰ বলাৰে...

ডিজিটেল ডেস্কঃ সন্মাৰ ৰক্ষাৰ যুঁজত বাংলাদেশৰ সন্মুখত পৰ্বতসম লক্ষ্য নিৰ্ধাৰণ কৰিলে ভাৰতে। এদিনীয় শৃংখলাৰ অন্তিমখন মেচত আজি ভাৰত অপেনাৰ ঈশান কিষাণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰথমটো দ্বিশতকীয় ইনিংছ খেলাৰ লগতে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৫০ অভাৰৰ মেচখনত ভাৰতে ৮ টা উইকেট হেৰুৱাই ৪০৯ ৰাণ কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আঘাতপ্ৰাপ্ত হোৱাত তেওঁৰ স্থানত অন্তিমখন এদিনীয়াত ঈশান কিষাণে খেলাৰ সুযোগ লাভ কৰিছিল। সেই সুযোগৰ সদব্যৱহাৰ কৰি ঈশানে ১২৬ টা বলত ২৪ টা চাৰি আৰু ১০ টা ছয়ৰ সহায়ত ২১০ ৰাণ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগে লগে তেওঁ দ্ৰুততম দ্বিশতক অৰ্জন কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ঈশান কিষাণে ক্ৰিছ গেইলত ১৩৮ বলত অৰ্জন কৰা দ্বিশতকৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। গেইলে ২০১৫ ত জিম্বাৱেৰ বিৰুদ্ধে এই ৰেকৰ্ড অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আনহাতে প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়েই তেওঁৰ কেৰিয়াৰৰ ৪৪ সংখ্যক এদিনীয়া শতকটোও আজি অৰ্জন কৰে। কোহলিয়ে ১২১৪ দিনৰ পিছত এদিনীয়া ফৰ্মেটত শতক অৰ্জন কৰি অনুৰাগীক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে। কোহলিয়ে ২০১৯ চনৰ ১৪ আগষ্টত পোৰ্ট অফ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ অন্তিম শতক অৰ্জন কৰিছিল।

ঈশান আৰু বিৰাটৰ ইনিংছৰ জৰিয়তে ভাৰতে এদিনীয়াত ষষ্ঠবাৰৰ বাবে ৪০০ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে। বাংলাদেশৰ বিৰুদ্ধে খেলি থকা এদিনীয়া শৃংখলাত ভাৰতে ইতিমধ্যে দুখন মেচত পৰাস্ত হোৱাত শৃংখলা জয়ৰ পৰা বঞ্চিত হৈছে।

সন্মান ৰক্ষাৰ এই অন্তিমখন মেচত অৱশ্যে কেইবাটাও ৰেৰ্কড সৃষ্টি হৈছে। সেই অনুসৰি বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ৭২ তম শতক অৰ্জন কৰিছে। ইয়াৰ সৈতে, তেওঁ বিশ্বৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰ হৈ পৰিছে।

তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিংৰ অভিলেখ ভংগ কৰিছে। পন্টিংয়ে ৫৬০ খন খেলত ৭১ টা শতক অৰ্জন কৰিছিল। বিৰাটে ৪৮২ খন খেলতেই ৭২ টা শতক সম্পূৰ্ণ কৰিছে।

ঈশান কিষাণে বাংলাদেশৰ পিটছত আটাইতকৈ ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে। তেওঁ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ শ্বেন ৱাটছনৰ ১৮৫ ৰাণৰ অভিলেখ অতিক্ৰম কৰিছে। বাংলাদেশত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বিৰাট কোহলী ১৮৩ তৃতীয় নম্বৰত আছে।

ক্লিক কৰি পঢ়কঃ কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দঃ ৫ জনক গ্ৰেপ্তাৰ...

বংলাদেশ ইশান কিষাণ বিৰাট কোহলি বি চি চি আই টীম ইণ্ডিয়া