
ডিজিটেল ডেস্ক : সমগ্ৰ দেশবাসীৰ বাবে সুখবৰ ! ভাৰতৰ ভূমিত কেইবা দশকৰ পাছত জন্ম লাভ কৰিলে ৪টা কৈ চিতা বাঘৰ পোৱালিয়ে । এই পোৱালি কেইটা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীৰ উদ্যানত জন্ম লাভ কৰিছে । এই ঘটনা ভাৰতত সংঘটিত হৈছে প্ৰায় ৭০ বছৰৰ পাছত । এটা সময়ত ভাৰতৰ ভূমিৰ পৰা এক প্ৰকাৰে বিলুপ্ত হৈ পৰিছিল চিতা বাঘ ।
তাৰ পাছত মাৰ্চৰ ২৪ তাৰিখে চিয়ায়া আৰু ৰকষ্টাৰ 'ফ্ৰেদী'ৰ ঔৰসত জন্ম লাভ কৰিলে ৪ টাকৈ চিতা পোৱালিয়ে । উল্লেখ্য যে, কিছু দিন পূৰ্বেই বৃক্কৰ সংক্ৰমণত মৃত্যু বৰণ কৰিছিল আন এটি চিতা বাঘে । তাৰ পাছতেই চিতা পোৱালি কেইটাৰ জন্মই আশাৰ সঞ্চাৰ কৰিছিল সমগ্ৰ দেশত ।
স্মৰ্তব্য যে, চিয়ায়া আৰু ফ্ৰেদীকো ভাৰতলৈ অনা হৈছিল নামিচিয়াৰ পৰা । আনহাতে, চিয়ায়া আছিল নামিবিয়াৰ এক গাঁতৰ পৰা উদ্ধাৰ হোৱা চিতা বাঘ । এই বাঘটিয়েই এদিন সমগ্ৰ ভাৰতবৰ্ষত আশাৰ সঞ্চাৰ কৰি এক নতুন যুগৰ সূচনা কৰিব বুুলি জানো কোনোবাই ভাবিব পাৰিছিল ?
চিতা পোৱালি কেইটাৰ জন্মৰ পাছতেই সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ অন্যতম নেতা সকলে শ্বেয়াৰ কৰিছিল চিতা পোৱালি কেইটাৰ প্ৰথম ফটোখন । প্ৰধানমন্ত্ৰী মোডীৰ ভাষ্য অনুসৰি, এইয়া দেশৰ বাবে এক অন্যতম সুখৰ মুহুৰ্ত ।