বিশ্বকাপ জয়ৰ শততম দিনতে ১০০ গ'লৰ অধিকাৰী হ'ল মেছি

বিশ্বকাপ জয়ৰ শততম দিনতে ১০০ গ'লৰ অধিকাৰী হ'ল মেছি

ডিজিটেল ডেস্ক : "লিয়নেল মেছি হেজ শ্বেকেন হেণ্ডছ ৱিথ পেৰেডাইজ"... পীটাৰ দ্ৰুৰীৰ এই বাক্যশাৰীৰ গূঢ়াৰ্থ বুজিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'লেও একেমুখেই কিন্তু স্বীকাৰ কৰিব পাৰি বাক্যশাৰী । কিয়নো সন্মুখত লিয়নেল মেছি, প্ৰকৃতাৰ্থত নহ'লেও ফুটবল বিশ্বত যে সফলতাৰ শিখৰত সেই কথা নূই কৰিব নোৱাৰে কোনেও । ২০২২ বৰ্ষৰ ১৮ ডিছেম্বৰত বিশ্বকাপ জয় কৰি সমগ্ৰ বিশ্বক পুনৰ এবাৰ নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ দিছিল মেছিয়ে ।

সেই বিশ্বকাপ জয়ৰ ১০০ দিন পাছতেই আন্তৰ্জাতিক কেৰিয়াৰত দেশৰ হৈ শততম গ'লটো কৰিলে মেছিয়ে । এতিয়া আৰ্জেন্টিনাৰ জাৰ্ছীত খেলুৱৈগৰাকীৰ গ'লৰ সংখ্যা ১০২ । খেলৰ পূৰ্বে ১০০ সংখ্যক গ'লটোৰ বাবে মেছিক প্ৰয়োজন আছিল মাত্ৰ ১টা গ'লৰ । খেলখনথ প্ৰথমাৰ্ধতে হেট্ৰিক অৰ্জন কৰি মেছিয়ে নিজৰ গ'লৰ সংখ্যা বৃদ্ধি কৰে ১০২ লৈ ।

এই সফলতাৰ সোৱাদ সুকীয়া, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈজন যাক দেশৰ হৈ ক্লাবৰ দৰে একেই ফৰ্মত নেখেলাৰ দৰে গুৰুতৰ অভিযোগেৰে এসময়ত থকা সৰকা কৰা হৈছিল । সেই গৰাকী খেলুৱৈয়ে দেশৰ জাৰ্ছীত হেট্ৰিকৰ সহায়ত শততম গ'ল কৰাটো অতি গুৰুত্বপূৰ্ণ কথা ।

বিশ্বকাপ জয়ৰ শততম দিনতে ১০০ গ'লৰ অধিকাৰী হ'ল মেছি
হোজাইত বন্যহস্তীৰ আক্রমণত নিহত এজন লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in