ভাৰতীয় নাগৰিক সৰবৰাহৰ সৈতে জড়িত ৪জন অভিযুক্তক গ্ৰেপ্তাৰ...

ভাৰতীয় নাগৰিক সৰবৰাহৰ সৈতে জড়িত ৪জন অভিযুক্তক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি দিয়া ভাৰতীয় নাগৰিকৰ সৰবৰাহৰ সৈতে জড়িত গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰে।

চি বি আইয়ে কৈছে যে, দেশজুৰি এয়া মানৱ সৰবৰাহৰ ঘটনাৰ এখন বৃহৎ জাল, যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে বহিঃ দেশত চাকৰিৰ প্রলোভন দিয়া হয়। এই ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তৰ দুজন কেৰালা আৰু আন দুজন মুম্বাইৰ বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় সংস্থাটোৱে জনোৱা মতে, সোমবাৰে কেৰালাৰ তিৰুৱনন্তপুৰমৰ বাসিন্দা অৰুণ আৰু য়েছুদাছ জুনিয়ৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী নিজিল জ’বি বেনছাম আৰু মুম্বাইৰ বাসিন্দা এণ্টনি মাইকেল এলাংগোভানক ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হয় আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে এই সৰবৰাহকাৰীসকলে সামাজিক মাধ্যম আৰু স্থানীয় এজেণ্টৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াত উচ্চ দৰমহা পোৱা চাকৰিৰ বাবে প্রলোভিত কৰিবলৈ সংগঠিত নেটৱৰ্ক হিচাপে কাম কৰি আহিছে।

চি বি আইৰ মতে সৰবৰাহ কৰা ভাৰতীয় নাগৰিক কেইজনক যুঁজাৰুৰূপে প্রশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়া-ইউক্রেইন যুদ্ধক্ষেত্ৰৰ সেনাত নিয়োগ কৰা হৈছিল।

ভাৰতীয় নাগৰিক সৰবৰাহৰ সৈতে জড়িত ৪জন অভিযুক্তক গ্ৰেপ্তাৰ...
বহুতক কন্দুৱাইছে ডাম্পাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in