বহুতক কন্দুৱাইছে ডাম্পাৰে...

বহুতক কন্দুৱাইছে ডাম্পাৰে...

মৃদুল কুমাৰ সন্দিকৈ

সভ্যতাই আমাৰ জীৱন লৈ বহু পৰিৱৰ্তন আনিছে। সুচল হৈ পৰিছে কঠিন কাম-কাজবোৰ। দেখাত এখন সাধাৰণ সামগ্ৰী পৰিবহন কৰিব পৰা ট্ৰাকজাতীয় গাড়ী হ’ল ডাম্পাৰ। মূলত শিল-বালি, জাবৰ-জোঁথৰ, কয়লা-মাটি আদি পৰিবহন কৰিবলৈ ব্যৱহাৰ কৰা এই ডাম্পাৰৰ উপস্থিতি সকলোতে মন কৰিব লগা।

নিৰ্মাণ কাৰ্যত এইবিধ বাহন খোজে-খোজে ব্যৱহাৰ হয়। ডাম্পাৰ নথকা হ’লে বাট-পথ, ঘৰ-দুৱাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী ইঠাইৰ পৰা সিঠাইলৈ নিবৰ বাবে ইমান সুচল পৰিবহন ব্যৱস্থা নাছিল বুলিবই পাৰি।

 সেই সকলোখিনি ইতিবাচক দিশ থকাৰ পাছতো ডাম্পাৰক লৈ মানুহৰ মনত এক ভীতিগ্ৰস্ত ধাৰণাই গা কৰি উঠিছে। পথ এটাত অহাযোৱা কৰা কোনো লোকে ডাম্পাৰ দেখিলে আঁতৰতেই বাট এৰে। কোন মু্ৰ্হূতত এই ডাম্পাৰৰূপী মৃত্যুদূতে কাক মহতিয়াই নিয়ে, কাৰ প্ৰাণ কাঢ়ে তাৰ কোনো নিশ্চয়তা নাই।

প্ৰয়োজনীয় এই বাহনখনক মৃত্যুদূত সজোৱাত অৰিহনা আছে ইয়াৰ চালকসকলৰ, মালিকসকলৰ আৰু একাংশ আৰক্ষী তথা পৰিবহন বিষয়াৰ। সুচল পৰিবহনৰ বাবে এই ডাম্পাৰৰ জৰিয়তে সহজতে শিল-বালিৰ চোৰাং সৰবৰাহ হয়। এই অবৈধ পৰিবহনত ৰঙা চকু থাকে আৰক্ষী, পৰিবহন বিষয়াৰ।

পুলিচ আৰু তদাৰকী বিষয়াৰ চকুত ধূলি দিবলৈ ডাম্পাৰ চালকসকলে তীব্ৰ গতিত এই বাহন চলাই ৰাজপথত। এয়া ডাম্পাৰৰ প্ৰতি শংকাৰ সৃষ্টি হোৱা এক অন্যতম কাৰন যদিও এই ব্যৱসায়ৰৰ জৰিয়তে অধিক ধন ঘটাৰ মোহত ডাম্পাৰ চালকসকলে এৰাতিৰ ভিতৰত কিমান ধন ঘটিব পাৰে তাৰো আন এখন প্ৰতিযোগিতা চলে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ডাম্পাৰৰ ভয়। অতি শেহতীয়াকৈ অসমত সংঘটিত দুৰ্ঘটনাবোৰ বিশ্লেষণ কৰিলে বৰ তাৎপৰ্যপূৰ্ণ তথ্য কিছু পোৱা যায়।  ৰাতিৰ ভাগত সংঘটিত প্ৰায় ৯০শতাংশ দুৰ্ঘটনা যিবোৰত কাৰোবাৰ প্ৰাণ হানি হয়, সেই দুৰ্ঘটনাবোৰৰ আঁৰত থাকে দ্ৰুতবেগী একোখন ডাম্পাৰ।

প্ৰকাণ্ড গাড়ীখনৰ চালকজনে ইমান অতপালিৰে গাড়ী চলাই যে, ডাম্পাৰৰ বিৰুদ্ধে পৰিবহন বিভাগে ঠায়ে ঠায়ে নীতি-নিৰ্দেশনা জাৰি কৰিব লগা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি ঘন্টাত ৬০কিঃমিঃ বেগত, গ্ৰাম্য অঞ্চলৰ পথত প্ৰতি ঘন্টাত ৪০ কিঃমিঃ বেগত ডাম্পাৰ চলাবলৈ নিৰ্দেশ জাৰি কৰিছে।

সেই নিৰ্দেশ অৱশ্যে সৰহ সংখ্যক ডাম্পাৰৰ চালকে অমান্য কৰে। শেহতীয়াকৈ পুৱা ৬বজাৰ পৰা নিশা ১০বজালৈ ৰাজপথত ডাম্পাৰ চলাচলৰ নিষেধাজ্ঞাও জাৰি কৰি ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব পৰা নাই।

যিসকল লোকৰ ডাম্পাৰ আছে তেওঁলোক ধনী ঠিকাদাৰ শ্ৰেণীৰ। ডাম্পাৰৰ মালিক মানেই দাদাগিৰি কৰিব পৰা ক্ষমতাৱান লোক। তেওঁলোকৰ এই ক্ষমতাই ডাম্পাৰক মৃত্যুদূত সজোৱাত বহু অৰিহনা আগবঢ়াইছে। ৰাজপথত চলাচল কৰা বেছিভাগ ডাম্পাৰৰে নাথাকে নম্বৰ প্লেট।

চকুৰ সন্মুখতেই কিন্তু এই ডাম্পাৰবোৰে চলাচল কৰি থাকে। পুলিচৰ আগেদিয়ে শিল-বালি-মাটি-ইটা কঢ়িয়াই নিয়ে। পৰিবহন বিভাগে মাজে মধ্যে অভিযান চলাই দুই এখন ডাম্পাৰ জব্দ কৰে। বন বিভাগেও অনুৰূপ কামেই দুই এদিন কৰি বছৰৰ বাকী দিনবোৰ সেইবোৰ দেখিও একো নেদেখে।

ডাম্পাৰে বহু পৰিয়ালৰ সপোন কাঢ়ি নিছে। ডাম্পাৰৰ বাবে বহু পৰিয়াল নিঠৰুৱা হৈছে। ডাম্পাৰে সাধাৰণ শ্ৰমিক, যান-বাহনৰ চালক, শিল্পী-সাংবাদিক, প্ৰতিভাৱান খেলুৱৈ কাৰ প্ৰাণ কঢ়া নাই! তথাপিও ডাম্পাৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰ।

ডাম্পাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ বহুদিনীয়া। দুৰ্ঘটনা সংঘটিত কৰা বহু ডাম্পাৰ উত্তেজিত ৰাইজে জ্বলাই দিছে। দুৰ্ঘটনাৰ পাছত বহু ডাম্পাৰ মানুহে ভাঙিছে। কিন্তু ডাম্পাৰক মৃত্যুদূতৰ ৰূপ দিয়া মূল অপশক্তিৰ বিৰুদ্ধে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা নাই।

নিশা ঘৰত শুই থকা সময়ত ৰাজপথৰ ডাম্পাৰ গৈ বেডৰূম সোমাইছেহৈ। ডাম্পাৰ চালকে ৰাতি সুৰা সেৱন কৰি দ্ৰুত বেগত ডাম্পাৰ চলোৱাৰ ফল এয়া। বহু দুৰ্ঘটনাৰ খলনায়ক হোৱা ডাম্পাৰ চালকৰ আকৌ নাথাকে গাড়ীচালনাৰ বাবে থাকিব লগা অনুজ্ঞাপত্ৰ।

দুদিনমান ডাম্পাৰৰ হেণ্ডিমেন নাইবা হেল্পাৰ হোৱাতোৱেই হেনো তেওঁলোকৰ চালক হব পৰা দক্ষতা। সেই দক্ষতা লৈ অদক্ষ ডাম্পাৰৰ চালক হোৱা এই চালকসকলৰ বিৰুদ্ধে লোৱা নহয় কিয় কঠোৰ ব্যৱস্থা।

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকন্ঠ অঞ্চলতো বিভিন্ন নিৰ্মাণ কাৰ্যৰ অজুহাতত ডাম্পাৰৰ অতপালি চলি আছে। শিল-বালি আৰু কয়লা পৰিবহন কৰা অঞ্চলসমূহত ডাম্পাৰৰ সঘন আহ-যাহে সাধাৰণ লোকৰ টোপনি সৰি আহিছে।

অসহায় পৰিবহন মন্ত্ৰী এদিন ৰাজপথলৈ ওলাইছিল ডাম্পাৰৰ বিৰুদ্ধে। সেয়া আছিল ২৩ফেব্ৰুৱাৰী, ২০২৪ৰ কথা। ডাম্পাৰে মহানগৰীত দুজন লোকৰ প্ৰাণ লোৱাৰ পাছত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডাম্পাৰক ড্ৰাইভাৰক হাতযোৰ কৰি দানৱ নহয় মানৱ হৈ ডাম্পাৰ চলাবলৈ আহ্বান জনাইছিল।

এনেকৈ জানো ডাম্পাৰৰ অতপালি ৰোধ কৰা সম্ভৱ! ডাম্পাৰবোৰক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। ধনী ডাম্পাৰৰ মালিকবোৰক নিয়ন্ত্ৰণ কৰি ডাম্পাৰৰ বিৰুদ্ধে প্ৰণয়ন কৰা নিয়মবোৰ কঠোৰভাৱে প্ৰযোজ্য নোহোৱালৈকে ডাম্পাৰ মৃত্যুদূত হৈয়ে থাকিব।

সুব্যৱহাৰ থকাৰ পাছতো ডাম্পাৰ এতিয়া আমাৰ চৌপাশে আতংকৰ অন্য নাম হৈ পৰিছে। ডাম্পাৰ এখন কাষেৰে পাৰ হৈ গলেই মানুহ শংকিত হৈ পৰে। গাড়ী নহয় যেন দ্ৰুতবেগেৰে পাৰ হৈ গৈছে কোনোবা যমদূতে চলোৱা এখন স্বৰ্গৰথঁহে...

বহুতক কন্দুৱাইছে ডাম্পাৰে...
অনুৰাধাৰ দেশত ছদ্মবেশী বুদ্ধিজীৱী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in