সংসদক বিজেপি আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত কৰিব বিচৰা হৈছেঃ অধীৰ ৰঞ্জন চৌধুৰী

সংসদক বিজেপি আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত কৰিব বিচৰা হৈছেঃ অধীৰ ৰঞ্জন চৌধুৰী
সংসদক বিজেপি আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত কৰিব বিচৰা হৈছেঃ অধীৰ ৰঞ্জন চৌধুৰী

ডিজিটেল ডেস্কঃ লোকসভাৰ পৰা পুনৰ নিলম্বিত কৰা হ'ল ৩০ জনকৈ বিৰোধী সাংসদক। সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে ১৩ ডিচেম্বৰত লোকসভাৰ মজিয়াত হালধীয়া ধোঁৱা উৰুৱাই আতংকৰ সৃষ্টি কৰা ঘটনাৰ পাছতে সংসদৰ নিৰাপত্তাৰ দিশটোক লৈ কংগ্ৰেছকে ধৰি বিৰোধী সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।

ইতিমধ্যে লোকসভাৰ পৰা ১৩ জন আৰু ৰাজ্যসভাৰ পৰা এজনক সাংসদক শীতকালীন অধিশেনৰ পৰা নিলম্বিত কৰাৰ পাছত সোমবাৰেও সংসদত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে কংগ্ৰেছৰ দল নেতা অধীৰ ৰঞ্জন চৌধুৰীসহ মুঠ ৩০ জনক নিলম্বন কৰা হৈছে। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তৃতাৰ মাজতে সংসদৰ নিৰাপত্তা ব্যৱস্থাক লৈ সৰৱ হয় বিৰোধী সাংসদসকল।

ফলত লোকসভাৰ মজিয়াত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ। এন পৰিস্থিতিত প্ৰথমে দুপৰীয়া ২ বাজি ৪৫ মিনিটত আৰু তাৰ পাছত ৩ বজা পৰ্যন্ত সংসদৰ কাম স্থগিত ৰাখে। কিন্তু তাৰ পাছতো পৰিস্থিতি শান্ত নোহোৱাত ৩০ জনৰো অধিক সাংসদ নিলম্বন কৰে অধ্যক্ষই।

উল্লেখ্য অহা ২২ ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া শীতকালীন অধিৱেশনৰ বাকী দিন কেইটাত এই সাংসদসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব। নিলম্বিত সাংসদসকলৰ তালিকাত আছে কংগ্ৰেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰী, উপ-দলপতি গৌৰৱ গগৈ, কল্যাণ বেনাৰ্জী, এ. ৰাজা, দয়ানিধি মৰাণ, অপৰূপা পোড্ডাৰ, প্ৰসুন বেনাৰ্জী, ই.টি. মহম্মদ বশীৰ, জি. চেলভাম, চি.এন. আন্নাদুৰাই, ড. টি. সুমতি, কে. নাভাস্কানি, কালানিধি বীৰাস্বামী, এন.কে. প্ৰেমচন্দ্ৰন, সৌগত ৰয়, শতাব্দী ৰয়, অছিত কুমাৰ মাল, কৌশলেন্দ্ৰ কুমাৰ, এণ্টো এণ্টনি, এছ.এছ. পালানিমণিক্কাম, থিৰুনাভুক্কাৰাচাৰ, প্ৰতিমা মণ্ডল, কাকোলী ঘোষ দস্তিদাৰ, কে. মুৰলীধৰণ, সুনীল কুমাৰ মণ্ডল, এছ. ৰামলিঙ্গম, কে. সুৰেশ, অমৰ সিং, ৰাজমোহন, উন্মোচন, গৌণী ৰগৌনী।

উল্লেখ্য ইয়াৰ ফলত চলিত শীতকালীন অধিৱেশনত এইদৰে নিলম্বিত বিৰোধী সাংসদৰ সংখ্যা হৈছেগৈ মুঠ ৪৬ জন। লোকসভাৰ পৰা নিলম্বিত হোৱাৰ পিছত অধীৰ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে। সেইকাৰণে সংসদত শক্তি দেখুৱাই আছে। তেওঁলোকে সংসদক বিজেপি আৰু আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিৱৰ্তন কৰিব বিচাৰে।

ইয়াৰোপৰি তেওঁ কয়, আমি সংসদত নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা এটা বিবৃতি দাবী কৰিছিলো। তেওঁলোকে বাহিৰত বহুত কথা কয় কিন্তু তেওঁলোকে সংসদত একো নকয়। যেতিয়া সেই প্ৰশ্ন উত্থাপন কৰা হয়, বিৰোধীদল আক্ৰমণৰ সন্মুখীন হয়।

সংসদক বিজেপি আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত কৰিব বিচৰা হৈছেঃ অধীৰ ৰঞ্জন চৌধুৰী
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত সান্দহ খোৱা বালি তল পৰিল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in