অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত সান্দহ খোৱা বালি তল পৰিল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধিৰ

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত সান্দহ খোৱা বালি তল পৰিল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধিৰ
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত সান্দহ খোৱা বালি তল পৰিল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধিৰ

ডিজিটেল সংবাদ ঢকুৱাখনা: জনপ্ৰতিনিধিত্বৰ গাদীত বহি জনতাৰ উন্নয়নৰ বাবে আবন্তিত পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধি আৰু স্তাৱকৰ সান্দহ খোৱা বালি তল পেলালে "অসমীয়া প্ৰতিদিন ডিজিটেলে"। অতি নিম্ন মানৰ সামগ্রী ব্যৱহাৰ কৰি  পঞ্চদশ বিত্তীয় আয়োগৰ আবন্তিত প্ৰথম কিস্তিৰ পুঁজি শৰাধ কৰাৰ পাং পাতি অৱশেষত মুখ থেকেছা খালে ঢকুৱাখনাৰ এক অৰ্থলোভী চক্ৰই ।

মহকুমাটোৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তর্গত মৰনৈ পঞ্চায়তৰ সভানেত্রী অমিয়া চুতীয়াই অনুগত ঠিকাদাৰ নমাই কমানৰ জৰিয়তে পঞ্চায়তখনৰ ১৯৭২ চনতে শিক্ষাসদী ৰাইজৰ প্ৰচেষ্টাত স্থাপিত বাসুদেৱ থান প্ৰাথমিক বিদ্যালয়ৰ গৃহ মেৰামতি নিৰ্মাণৰ বেলিকা সংঘটিত কৰিছিল নির্লজ দুৰ্নীতি, অনিয়ম ।

২০২২-২০২৩ বিত্তীয় বর্ষৰ পঞ্চদশ বিত্তীয় আয়োগ আবন্তিত প্ৰথম কিস্তিৰ প্ৰায় ২লাখ ১৩হাজাৰ টকাৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণত জড়িত হৈ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি গেৰুৱা সভানেত্ৰী অমিয়া চুতীয়াৰ সহযোগত ঠিকাদাৰজনে জালিয়াতি পূৰ্ণ নথি পত্ৰৰে সিংহভাগ টকা বিভাগৰ পৰা সৰকাই নিছিল । অঞ্চলটোৰ প্ৰাথমিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শিক্ষানুষ্ঠানখনৰ  ক্ৰুটিপূৰ্ণ সামগ্ৰীৰে গৃহনিৰ্মাণ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল" ত এক বাতৰি প্ৰকাশ হৈছিল ।

যোৱা ১১ডিচেম্বৰত প্ৰকাশিত উক্ত বাতৰি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতাৰ দৃষ্টিগোচৰ হয় । এই ভয়ংকৰ অনিয়ম সন্দৰ্ভত শীর্ষ প্ৰশাসনীয় বিষয়াগৰাকীয়ে সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়াক তদন্তৰ নিৰ্দেশ দিয়ে।

মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ শইকীয়াই চলোৱা প্ৰাথমিক তদন্তৰ কালত গৃহ নিৰ্মাণৰ কালত ঠিকাদাৰে ইচ্ছাকৃত ভাবে চৰকাৰী পুঁজি অপচয় কৰাৰ ফন্দিৰে নিম্ন মানদণ্ডৰ সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰাটো পোহৰলৈ আহে । এই অনিয়ম সন্দৰ্ভত সভানেত্ৰী আৰু সচিব কৃষ্ণ ফুকনক কঠোৰ নিৰ্দেশনা দি তৎকালে ক্ৰুটিপূৰ্ণ আৰু নিম্ন মানৰ সামগ্ৰী আঁতৰাই গুণগত আৰু উন্নত মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে দণ্ডাধীশগৰাকীয়ে।

দণ্ডাধীশৰ কঠোৰ নিৰ্দেশৰ পাছত চৰকাৰী পুঁজি অপচয় কৰাৰ অভিযোগত ৰঙা ঘৰৰ আলহী হোৱাৰ ভয়ত ত্ৰস্তমান অৰ্থলোভী চক্ৰটোৱে থৰকাচুটি হেৰুৱাই পূৰ্বৰ ক্ৰুটিপূৰ্ণ কাম বাতিল কৰি উন্নত মানৰ সামগ্ৰীৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে । বিদ্যালয়খনৰ টিনপাত, ট্ৰাষ্ট আদি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী পুঁজি উদৰস্থ কৰাৰ পাং পতা অশুভ চক্ৰটোৱে অৱশেষত পূৰ্বৰ সকলো ক্ৰুটিপূৰ্ণ সামগ্ৰী আঁতৰাই উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰি গৃহ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা বুলি স্থানীয় ৰাইজে জনাইছে ।

মহকুমা প্ৰশাসনৰ হস্তক্ষেপৰ বাবেই দুৰ্নীতিগ্ৰস্ত চক্ৰটোৰ লুণ্ঠনকাৰী চক্ৰান্তত লেকাম লাগিল বুলি ন্যায়কামী ৰাইজে মত প্ৰকাশ কৰি প্ৰশাসনৰ শলাগ লয়। ইপিনে বিদ্যালয়ৰ দুৱাৰ খিৰিকী আদি নিৰ্মাণৰ বেলিকাও প্ৰশাসনৰ সতৰ্ক দৃষ্টি কামনা কৰিছে অঞ্চলবাসী ৰাইজ সংগঠনে। উল্লেখ্য যে, সভানেত্ৰীগৰাকীৰ লগতে সচিব কৃষ্ণ ফুকনৰ দুৰ্নীতি পৰায়ন চৰিত্ৰৰ বাবে বৃহৎ পৰিমাণৰ চৰকাৰী পুঁজি অপচয় হোৱাতো এবাৰলৈ ৰক্ষা পৰিল পঞ্চায়তখনত ।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত সান্দহ খোৱা বালি তল পৰিল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দিয়া পঞ্চায়ত প্ৰতিনিধিৰ
২২ ডিচেম্বৰ পৰা ৰাই চাপৰিত টাকাম মিলি অপূন কৗবাংৰ ত্ৰি- বাৰ্ষিক সাধাৰণ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in