দেশত চলিছে অন্যায় কাল! আমি অন্যায়ৰ অন্ধকাৰৰ মাজত ন্যায়ৰ বন্তি জ্বলামঃ ৰাহুল গান্ধী

জনসভা সম্বোধন কৰি গান্ধীয়ে কয় যে, যদিহে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অধিস্থিত হয় তেন্তে ৩০ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিব।

author-image
Asomiya Pratidin
New Update
দেশত চলিছে অন্যায় কাল! আমি অন্যায়ৰ অন্ধকাৰৰ মাজত ন্যায়ৰ বন্তি জ্বলামঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজস্থানৰ বাঞ্চবাড়াত আয়োজিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এক জনসভা সম্বোধন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Advertisment

জনসভা সম্বোধন কৰি গান্ধীয়ে কয় যে, যদিহে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অধিস্থিত হয় তেন্তে ৩০ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিব।

যুৱ, দৰিদ্ৰ আৰু অন্যান্য শ্ৰেণীৰ বাবে দলৰ প্ৰস্তাৱিত পদক্ষেপৰ কথা উল্লেখ কৰি গান্ধীয়ে কয়, "কংগ্ৰেছ দলে যুৱসকলৰ বাবে কি কৰিব? প্ৰথম পদক্ষেপ, আমি গণনা কৰিছো ভাৰতত ৩০লাখ চৰকাৰী পদ খালী আছে। প্ৰধানমন্ত্ৰী মোডীয়ে সেয়া পূৰণ নকৰে। কিন্তু কংগ্ৰেছ শাসনলৈ অহাৰ পাছত প্ৰথম কাম হব ৩০ লাখক চৰকাৰী চাকৰি দিয়া।

তেওঁ কয়, কংগ্ৰেছৰ ৫ টা ঐতিহাসিক পদক্ষেপ হ'ব- ৩০ লাখ চৰকাৰী চাকৰি, চাকৰি নিশ্চিত কৰা, প্ৰশ্নকাকত ভাইৰেলৰ পৰা মুক্তি, শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা বা যুৱ ৰোশনিৰ অধীনত জিলাবোৰত ষ্টাৰ্ট আপৰ বাবে ৫,০০০কোটি টকা আদি। আমাৰ চৰকাৰ আহিলে এইবোৰ কাম কৰিব। ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছৰ ইস্তাহাৰত কৃষকসকলক নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) আইনী গেৰাণ্টি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

বিজেপি চৰকাৰক কটাক্ষ কৰি গান্ধীয়ে কয় যে, যোৱা ১০ বছৰত অন্যায় কালত ভয়ংকৰ বাবে নিবনুৱা সমস্যা বৃদ্ধি পায়। এই অন্যায় কালত লাখ-লাখ যুৱক-যুৱতীক উন্নত ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ পৰা বঞ্চিত কৰে। কিন্তু আমি যুৱ প্ৰজন্মৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিম যাৰ দ্বাৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ ভৱিষ্যত সুনিশ্চিত হয়। অন্যায়ৰ অন্ধকাৰৰ মাজত আমি ন্যায়ৰ বন্তি জ্বলাম।

Also Read: মুকলি মনেৰে উশাহ ল'ব পাৰিছে আজিৰ জম্মু-কাশ্মীৰেঃ মোডী

rahul gandhi loksabha election congress