মুকলি মনেৰে উশাহ ল'ব পাৰিছে আজিৰ জম্মু-কাশ্মীৰেঃ মোডী

মুকলি মনেৰে উশাহ ল'ব পাৰিছে আজিৰ জম্মু-কাশ্মীৰেঃ মোডী

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শ্ৰীনগৰত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে জম্মু-কাশ্মীৰৰ কৃষি অৰ্থনীতিৰ বাবে ৫,০০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ''বিকশিত ভাৰত, বিকশিত জম্মু-কাশ্মীৰ'' শীৰ্ষক কাৰ্যসূচীত জনতাক সম্বোধন কৰি কয় যে, "পৃথিৱীত স্বৰ্গলৈ অহাৰ অনুভূতি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। শ্ৰীনগৰৰ লোকসকলৰ মাজত উপস্থিত মই উৎসাহিত। দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এয়া নতুন জম্মু-কাশ্মীৰ।"

মোডীয়ে কয় যে, আজি উৎসৰ্গিত কৰা উন্নয়নমূলক প্ৰকল্পসমূহে জম্মু-কাশ্মীৰৰ উন্নয়নত উৎসাহ যোগাব। জম্মু আৰু কাশ্মীৰ ভাৰতৰ মস্তিষ্ক। জম্মু আৰু কাশ্মীৰ নিজেই ইমান ডাঙৰ ব্ৰেণ্ড।

তেওঁ কয় যে, বিকশিত ভাৰতৰ বাবে বিকশিত জম্মু-কাশ্মীৰৰ গুৰুত্ব অধিক। উন্নয়নৰ শক্তি, পৰ্যটনৰ সম্ভাৱনা, কৃষকসকলৰ সম্ভাৱনা আৰু জম্মু-কাশ্মীৰৰ যুৱসকলৰ নেতৃত্বই উন্নত জম্মু আৰু কাশ্মীৰৰ পথ নিৰ্ণয় কৰিব। শ্ৰীনগৰ এতিয়া ভাৰতৰ পৰ্যটন উদ্যোগৰ কেন্দ্ৰবিন্দু।

লগতে কয়, আজি জম্মু-কাশ্মীৰে বিকাশৰ উন্নত শিখৰলৈ গতি কৰিছে। কিয়নো আজি জম্মু-কাশ্মীৰে মুকলি মনেৰে উশাহ ল'ব পাৰিছে। ইয়াৰ মাজতে মই ৰমজান আৰু মহাশিৱৰাত্ৰিৰ হাৰ্দিক শুভেচ্ছা জনালো।

মুকলি মনেৰে উশাহ ল'ব পাৰিছে আজিৰ জম্মু-কাশ্মীৰেঃ মোডী
বাসুগাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কক লৈ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in