/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
ডিজিটেল ডেস্ক : মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ নিখোজ হয় এগৰাকী কিশোৰ ছাত্ৰ। ইতিমধ্যে এ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে বৃহস্পতিবাৰে ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।
নিহত ছাত্ৰগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত আছিল। নুনমাটিৰ শংকৰ-মাধৱ বিদ্যালয়ত পঢ়া ছাত্ৰগৰাকীৰ নাম ইনজামুল হক। মেধাৱী ছাত্ৰগৰাকীৰ অকাল মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দুগৰাকী বন্ধুৰ সৈতে ইনজামুলে বুধবাৰে নুনমাটি থানাৰ অন্তৰ্গত চূণচালিৰ ওচৰত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল। সম্প্ৰতি ইনজামুলৰ দুই বন্ধুক আৰক্ষীয়ে সোধা-পোচা কৰিছে। আৰক্ষীৰ সোধা-পোচা কাৰ্যৰ অন্তত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
Also Read: ওদালগুৰিত যাত্ৰীবাহী ৰে'লৰ চেপাত মহিলা নিহত
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us