শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা শিক্ষানুষ্ঠানৰ বাছ দুৰ্ঘটনাত পতিতঃ বহু শিক্ষাৰ্থী আহত...

শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা শিক্ষানুষ্ঠানৰ বাছ দুৰ্ঘটনাত পতিতঃ বহু শিক্ষাৰ্থী আহত...
শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা শিক্ষানুষ্ঠানৰ বাছ দুৰ্ঘটনাত পতিতঃ বহু শিক্ষাৰ্থী আহত...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে পুৱাই কৰ্ণাটকত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ৰাজ্যখনৰ হাভেৰী জিলাৰ ছাভানুৰ জিলাৰ আল্লিপুৰ ক্ৰছৰ সমীপত এখন স্কুল বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত চালকগৰাকীৰ সৈতে ৩ জন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য, এই স্কুল বাছখন আছিল লিঙ্গাচুগুৰৰ সজ্জনাগুড্ডাৰ চৰকাৰী বিদ্যালয়ৰ। এই বাছখনত শিক্ষামূলক ভ্ৰমণৰ বাবে পুৱাই যাত্ৰা আৰম্ভ কৰিছিল শিক্ষাৰ্থীসকলে। যাত্ৰা আৰম্ভ হোৱাৰ পাছতে পুৱা ৬ বজাতে দুৰ্ঘটনাত পতিত হয় বাছখন।

দুৰ্ঘটনাৰ ফলত পথৰ মাজত বাগৰি পৰা বাছখনত ৫৩ গৰাকী শিক্ষাৰ্থী, ৬ গৰাকী শিক্ষক আৰু চালকৰ সৈতে আছিল পৰিচালক। দুৰ্ঘটনাৰ ফলত চালকৰ সৈতে আন ৩ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে। ইয়াৰোপৰি সামান্যভাৱে আহত হৈছে আন কেইবাগৰাকীও শিক্ষাৰ্থী।

ঘটনাৰ পাছতে আন আন শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি আন এখন বিদ্যালয়ত আশ্ৰয় প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ অভিভাৱকসকলে আহি নিজ নিজ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে।

ইফালে এই দুৰ্ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কি কাৰণত আৰু কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল সেই বিষয়ে তদন্ত কৰিব।

শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা শিক্ষানুষ্ঠানৰ বাছ দুৰ্ঘটনাত পতিতঃ বহু শিক্ষাৰ্থী আহত...
লামডিঙৰ ছাউথ হিলছ কলনীত ভয়াৱহ অগ্নিকাণ্ডঃ ৩ টাকৈ বাসগৃহ সম্পূৰ্ণ ভস্মিভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in