/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fc847de3-c01f-4776-a921-cce6ba11c687/lumding_26.jpg)
লামডিঙৰ ছাউথ হিলছ কলনীত ভয়াৱহ অগ্নিকাণ্ডঃ ৩ টাকৈ বাসগৃহ সম্পূৰ্ণ ভস্মিভূত...
ডিজিটেল ডেস্কঃ লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। ইংৰাজী নৱ বৰ্ষৰ প্ৰাকমুহূৰ্তত লামডিং ছাউথ হিলছ কলনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে।
জানিব পৰা মতে ছাউথ হিলছ কলনীৰ নিবাসী চজল পাল, বাপন দেৱ আৰু লিটন শৰ্মা নামৰ তিনিজন লোকৰ বাসগৃহ অগ্নিকাণ্ডত ভস্মিভূত হৈছে। স্থানীয় ৰাইজ, লামডিং আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত কিছু পৰিমাণে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে যদিও বহু পৰিমাণৰ সা-সম্পত্তি জুইত জাহ গৈছে।
অৱশ্যে বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডক কেন্দ্ৰ কৰি বৰ্তমান ছাউথ হিলছ কলনীত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে।
Also Read: চাৰিদুৱাৰত ডাইনী বুলি নিৰ্বসন দিলে দম্পতীক: ঘৰ-দুৱাৰ ভাঙি তহিলং
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us