/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0c7a6b9a-11f7-466b-85d0-9a846cba5801/2.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ গোপালগঞ্জত সোমবাৰে নিশা দুৰ্গা পূজাৰ মণ্ডপত এটি শিশুসহ দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ১০ জনৰো অধিক লোক আহত হয়। পূজাৰ মণ্ডপত হোৱা অত্যাধিক ভিৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, মহা নৱমী উদযাপনৰ সময়তে বিহাৰৰ ৰাজা দল দুৰ্গা পূজা পণ্ডলত এই ভয়াবহ ঘটনা সংঘটিত হয়। আহত লোকসকলক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জনসমাগম পৰিচালনাৰ বাবে পূজা মণ্ডপত কোনো নিৰাপত্তাৰক্ষী নিয়োগ নকৰাৰ ফলতেই হুলস্থুলৰ সৃষ্টি হৈ এই ঘটনা সংঘটিত হয় বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গোপালগঞ্জৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ৰাজা দল পূজা মণ্ডপৰ মূল তোৰণৰ সমীপত নিশা ৮.৩০ মান বজাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মণ্ডপলৈ অহা লোকসকলে দৌৰা-দৌৰি কৰাৰ ফলত এটা শিশু মাটিত পৰি যায়। মণ্ডপত অত্যাধিক ভিৰ হোৱাৰ ফলত দুৰ্ভাগ্যজনকভাৱে মানুহৰ গচকত পৰি শিশুটিৰ মৃত্যু হয়।
#WATCH | Bihar: Gopalganj District Magistrate Nawal Kishor Choudhary says, "There are several pandals in the state as it is Durga Navami today. A child fell due to the crowd at the pandal and two women trying to save him also fell and could not get up...They died while they were… pic.twitter.com/jC8NGV8KwR
— ANI (@ANI) October 23, 2023
দুগৰাকী মহিলাই শিশুটি উদ্ধাৰৰ বাবে আগবাঢ়ি আহে যদিও মানুহৰ ভিৰৰ বাবে মহিলা দুগৰাকীও মানুহৰ গচকত পৰে। যাৰ ফলত মহিলা দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে হাস্পতাললৈ নিয়াৰ পথতে মহিলাকেইগৰাকীৰো মৃত্যু হয়। পৰৱৰ্তী সময়ত স্থানীয় দণ্ডাধীশ আৰু আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Also Read: বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা