চলন্ত ৰে'লৰ ভিতৰতেই অগ্নি সংযোগ কৰি সহযাত্ৰীক হত্যা, নিহত মাতৃসহ এবছৰীয়া শিশু

author-image
Asomiya Pratidin
New Update
চলন্ত ৰে'লৰ ভিতৰতেই অগ্নি সংযোগ কৰি সহযাত্ৰীক হত্যা, নিহত মাতৃসহ এবছৰীয়া শিশু

ডিজিটেল ডেস্ক : নৃশংসতা আৰু বিকৃত মানসিকতা যেতিয়া লগ হয় তেতিয়া অপৰাধেও নতুন ৰূপ বিচাৰি পায় । এই নতুন ৰূপ পূৰ্বতকৈ বহু বেছি জঘণ্য হৈ পৰে সকলোৰে বাবে । আৰু এই প্ৰতিযোগিতাখনিত কোনপধ্যেই পাছ হুহকি অহা নাই ভাৰত । প্ৰত্যেক দিনাই এক নতুন ধৰণৰ অপৰাধে সকলোকে আচৰিত কৰি তোলাৰ পাছ মুহুৰ্ততেই ‍আকৌ সংঘটিত হয় একেই অপৰাধ এটি ।

Advertisment

তেনে এক ঘটনাই সংঘটিত হ'ল ২ এপ্ৰিলত আলাপ্পুজু-কানপুৰ এক্সিকিউটিভ এক্সপ্ৰেছত । ৰে'লখনত নিশা প্ৰায় ৯.৪৫ বজাত এগৰাকী যাত্ৰীয়ে কোনো অজ্ঞাত কাৰণ বশত : এগৰাকী সহযাত্ৰীৰ ওপৰত কোনো জ্বলনশীল তৰল দ্ৰৱ্য পেলাই অগ্নি সংযোগ কৰে । নিমিষতে এই অগ্নিয়ে চানি ধৰে সমগ্ৰ বুথটো আৰু যাৰ ফলত ৩ জন লোক থিতাতে নিহত হোৱাৰ ওপৰিও আন ৯ জন লোক গুৰুতৰ ভাৱে আহত হয় ।

উল্লেখ্য যে, ৰে'লৰ ভিতৰত অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি হিতাহিত জ্ঞান হেৰুৱাই সম্ভৱত ৰে'লৰ পৰা জপিয়াই দিছিল এবছৰীয়া কনমানিসহ মাতৃ এগৰাকী আৰু প্ৰৌঢ় ব্যক্তি এগৰাকীয়ে । যাৰ ফলত আৰক্ষীয়ে দুৰ্ঘটনাৰ কিছু সময় পাছতেই ৰে'লপথত উদ্ধাৰ কৰে মৃতদেহ কেইটা ।

আনহাতে, অগ্নিকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত গৰাকীয়ে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই কোনো ব্যক্তিক ।

Also Read: গো-ধন চিণ্ডিকেটৰ নতুন কৌশল, বোকাখাতৰ বিহৰা বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয় গো-ধন চিণ্ডিকেট

uttar pradesh indian railway