গো-ধন চিণ্ডিকেটৰ নতুন কৌশল, বোকাখাতৰ বিহৰা বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয় গো-ধন চিণ্ডিকেট

গো-ধন চিণ্ডিকেটৰ নতুন কৌশল, বোকাখাতৰ বিহৰা বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয় গো-ধন চিণ্ডিকেট
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : গো-ধনৰ চিণ্ডিকেট চক্ৰৰ নতুন কৌশল ৷ বিহৰা বজাৰৰ মহলদাৰৰ নেতৃত্বত ৰাজ্যত চলিছে গো-ধনৰ অবৈধ তথা চোৰাং সৰবৰাহ ৷ পশুধন সুৰক্ষা আইনে গো-ধনৰ আন্তঃজিলা সৰবৰাহত নিষেধাজ্ঞা আনি দিয়াৰ পাছতো বিহৰা বজাৰক লৈ সক্ৰিয় গো-ধন ছিণ্ডিকেট চক্ৰ৷সাংবাদিকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ তথ্য ৷ গোলাঘাট নগাওঁ জিলাত গো সুৰক্ষা আইন উঠিছে ধোৱাচাঙত ৷ দিনে নিশাই গাড়ীয়ে গাড়ীয়ে জিলা অতিক্ৰমী সৰবৰাহ হয় হাজাৰ হাজাৰ গো ধন ৷ বোকাখাতৰ বিহৰাৰ পৰা চাৰিখনকৈ আৰক্ষী থানা পাৰ হৈ নগাও পায়গৈ চোৰাং তথা নথিপত্ৰবিহীন গো-ধন ৷

কেতিয়াবা যদি চিপছেৰে আবৃত বাহনত আন কেতিয়াবা নৈশ বাছত ৷ এইবাৰ গো-ধন চিণ্ডিকেট চক্ৰৰ কাণ্ড দেখিলে আচৰিত হব আপুনিও। বোকাখাতৰ বিহৰাৰ পৰা চক্ৰটোৰ নেতৃত্বত অহা গো-ধনগাড়ীয়ে বোকাখাত আৰু  কহঁৰা আৰক্ষী থানাৰ সন্মুখেদি পাৰ হোৱাৰ পাছত গোলাঘাট-নগাও জিলাৰ সীমান্তত থকা ধাৱাত গাড়ীৰ পৰা নমাই দিয়ে গো-ধন ৷

তাৰ পাছত সেই গো-ধনসমুহ খোজকঢ়াই বাগৰী আৰক্ষী চকীৰ সন্মুখেদি লৈ  যোৱা নগাঁও জিলাৰ কুঠৰীলৈ ৷ পুনৰ কুঠৰীত একেকেইখন বাহনত উঠাই লৈ যোৱা হয় নগাও জিলাৰ বিভিন্ন প্ৰান্তলৈ ৷সমগ্ৰ তথ্য কেমেৰাৰ আগত সবিস্তাৰে বৰ্ণনা কৰিলে একাংশ গো-ধন সৰবৰাহকাৰীয়ে৷ খোজকঢ়াই নিলে পুলিচে নধৰে বুলি কোৱাৰ লগতে কয় এশতকৈও অধিক গো-ধন দেওবাৰৰ দিনত খোজকঢ়াই পাৰকৰোৱা হৈছে ৷ ইফালে সাংবাদিকৰ তৎপৰতা দেখি কহঁৰা আৰক্ষীয়ে এখন বাহনৰ লগতে জব্দ কৰিছে চাৰিটা গো-ধন।

গো-ধন চিণ্ডিকেটৰ নতুন কৌশল, বোকাখাতৰ বিহৰা বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয় গো-ধন চিণ্ডিকেট
বন্যপ্ৰেমৰ অপূৰ্ব নিদৰ্শন,পানীত ককবকাই থকা পহু পোৱালিক উদ্ধাৰ কৰি মাতৃক সপি দিলে শংকৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in