অগ্নিকাণ্ডৰ ফলত একেলগে প্ৰাণ হেৰুৱালে ৩ ভাতৃ-ভগ্নীয়ে

অগ্নিকাণ্ডৰ ফলত একেলগে প্ৰাণ হেৰুৱালে ৩ ভাতৃ-ভগ্নীয়ে

author-image
Asomiya Pratidin
New Update
অগ্নিকাণ্ডৰ ফলত একেলগে প্ৰাণ হেৰুৱালে ৩ ভাতৃ-ভগ্নীয়ে

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ যছৰানা থানা এলেকাৰ খাদিত গাঁৱত অগ্নিকাণ্ডত একেলগে জুইত জাহ গ'ল একেটা পৰিয়ালৰে ৩টাকৈ শিশু। শনিবাৰে গভীৰ নিশা ডেৰা বঞ্জাৰা অঞ্চলৰ নিজৰ জুপুৰিত শুই থকা অৱস্থাতে জুপুৰিটোত অগ্নিসংযোগৰ ফলত মৃত্যু হয় ৩ ভাতৃ-ভগ্নীৰ।

Advertisment

মৃত শিশুকেইটাৰ পিতৃ ছাকিলে জনোৱা মতে, অগ্নিসংযোগৰ সময়ত তেওঁ আৰু তেওঁৰ পত্নীৱো শিশুকেইটাৰ লগতে একেটা জুপুৰিতে আছিল। অগ্নিসংযোগৰ কথা গম পোৱাৰ পাছতে তেওঁলোকে ল’ৰা-ছোৱালীকেইটাক বচাবলৈ চেষ্টা কৰিছিল যদিও দুটা শিশুৰ থিতাতে মৃত্যু হৈছিল। তৃতীয় শিশুটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও পৰৱৰ্তীসময়ত পিছত ফিৰোজাবাদৰ এখন চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয়।

আৰক্ষী অধীক্ষক ৰনবিজয় সিঙে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডত মৃত্যু হোৱা শিশুকেইটাৰ পিতৃ ছাকিলো এই অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আগ্ৰাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

মৃত শিশুকেইটা হৈছে ৭বছৰীয়া ছামনা, ৪বছৰীয়া আনীছ আৰু ২বছৰীয়া ৰেশমা।আনীছ আৰু ৰেশমাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত ছামনাৰ মৃত্যু হোৱা বুলি সিঙে জানিবলৈ দিয়ে।

জিলা দণ্ডাধীশ উজ্জ্বল কুমাৰে জনাইছে যে, দুৰ্যোগ সাহায্য পুঁজিৰ পৰা পৰিয়ালটোক সাহায্য প্ৰদান কৰা হৈছে। উক্ত ঘটনাৰ তদন্তৰ বাবে এছডিএম যছৰানাৰ নেতৃত্বত এটা দল গঠন কৰা হৈছে।

Also Read: মাজবাটত ২৩৮কেজি ভাং জব্দ : আটক ২ সৰবৰাহকাৰী

fire