Advertisment

মাজবাটত ২৩৮কেজি ভাং জব্দ : আটক ২ সৰবৰাহকাৰী

মাজবাটত ২৩৮কেজি ভাং জব্দ : আটক ২ সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
মাজবাটত ২৩৮কেজি ভাং জব্দ : আটক ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, মাজবাটঃ মাজবাট আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া সঞ্জয় সিং ডুবে, এছ আই চিত্ৰনীল দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্তৰ চিকাৰীডাঙাৰ হাবিৰ মাজত উদ্ধাৰ কৰে ভাংখিনি। অৰুণাচলৰ পৰা সৰবৰাহ কৰি থকা অৱস্থাত ২৩৮ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয় মাজবাট আৰক্ষী। লগতে আটক কৰে ২ ভাং সৰবৰাহকাৰীক।

Advertisment

ভাং সৰবৰাহকাৰী দুজন হ'ল ওদালগুৰি থানাৰ অন্তৰ্গত বাধা গাঁৱৰ নিকটৱৰ্তী কিষাণ বস্তিৰ অনিল খেৰৱাৰ (২৯) আৰু মাজবাট থানাৰ অন্তৰ্গত চিকাৰীডাঙা গাঁৱৰ সুকুমাৰ নাৰ্জাৰী(৩৭)।

ইফালে ভাং সৰবৰাহকাৰী দুজনক সোধপোচ কৰাত উক্ত ভাংখিনি মাজবাট থানাৰ বাধা গাঁৱৰ পৰমীত বসুমতাৰী, প্ৰদীপ বসুমতাৰী আৰু গোলাপ বসুমতাৰীয়ে আনিবলৈ দিয়া বুলি জানিবলৈ দিয়ে। জব্দ কৰা ভাংখিনিৰ আনুষ্ঠানিক বজাৰ মূল্য ২০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...

ganja seized