কৰ্ণাটক মন্ত্ৰীসভা সম্প্ৰসাৰণঃ নতুনকৈ শপত ল'লে ২৪ গৰাকী মন্ত্ৰীয়ে

কৰ্ণাটকত চৰকাৰ গঠন হোৱাৰ প্ৰায় এসপ্তাহ পাছত শনিবাৰে ২৪ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
কৰ্ণাটক মন্ত্ৰীসভা সম্প্ৰসাৰণঃ নতুনকৈ শপত ল'লে ২৪ গৰাকী মন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ কৰ্ণাটকত চৰকাৰ গঠন হোৱাৰ প্ৰায় এসপ্তাহ পাছত শনিবাৰে ২৪ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰে।

Advertisment

কৰ্ণাটক চৰকাৰৰ ৩৪ জন মন্ত্ৰী থাকিব পাৰে। ইয়াৰ পূৰ্বে ২০ মে'ত মুখ্যমন্ত্ৰী চিদ্দাৰামায়া, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰৰ লগতে ১০ জন মন্ত্ৰীয়ে শপত লৈছিল। তাৰ পাছতে আজি পুনৰ ২৪ গৰাকীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰে।

এছ কে পাটিল. কৃষ্ণ বায়ৰেগৌড়া, কে ভেংকটছ আদি বিধায়কে আজি শপত লয়। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো মন্ত্ৰীক কোনো বিভাগ দিয়া হোৱা নাই।

উল্লেখ্য যে, ১৩ মে'ত ঘোষণা হোৱা কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰা কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। কৰ্ণাটক কংগ্ৰেছত বহু অন্তৰ্কন্দলৰ পাছত মুখ্যমন্ত্ৰী হিচাপে চিদ্দাৰামায়া আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে ডিকেশিৱকুমাৰে শপত লৈ শাসনভাৰ গ্ৰহণ কৰিছিল।

Also Read: অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...

DK Shivakumar Siddaramaiah karnataka