অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...

অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...

ডিজিটেল ডেস্ক : পুনৰ খাৰুৱা তেল নিৰ্গমনৰ ঘটনা। দুলীয়াজানৰ টিংৰাই চাৰিআলিত সংঘটিত হৈছে খাৰুৱা তেল নিৰ্গমনৰ ঘটনা । অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপৰ পৰা অহৰহ তেল নিৰ্গমন হোৱা পতক্ষ কৰিছে স্থানীয় ৰাইজে।

যাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দা। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই স্থানীয় ৰাইজে বিভাগীয় কৰ্তপক্ষক অৱগত কৰে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ হাতত লোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই। স্থানীয় ৰাইজৰ ক্ষোভ, অনাকাংক্ষিত ঘটনা সংঘটিত নোহোৱা লৈ কিয় ৰৈ থাকে অইল ইণ্ডিয়া কৰ্তৃপক্ষ।

লক্ষণীয় যে, সময়ে সময়ে খাৰুৱা তেল নিৰ্গমনৰ ঘটনা সংঘটিত হয় অইল ইণ্ডিয়া লিমিটেডৰ বহু এলেকাত। বহু সময়ত স্থানীয় ৰাইজে বিভাগীয় কৰ্তপক্ষক ঘটনাৰ কথা অৱগত কৰে যদিও সতৰ্ক নহয় অইল ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰী। অইল ইণ্ডিয়াৰ বহু পুৰণি পাইপক বৰ্তমান সময়ত উপযুক্ত মেৰামতি নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱাৰ পৰিক্ষিত হয়।

অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...
বাৰিষাৰ পূৰ্বে নিৰ্মাণ নহ'ল গাৰ্ডৱাল: ক'ত গ'ল অনুমোদিত কোটি কোটি টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in