২০২২ বৰ্ষত ২.২৫ লাখ লোকে ত্যাগ কৰিলে ভাৰতীয় নাগৰিকত্ব

২০২২ বৰ্ষত ২.২৫ লাখ লোকে ত্যাগ কৰিলে ভাৰতীয় নাগৰিকত্ব

চৰকাৰী তথ্যঅনুসৰি, ২০২২ চনত ২.২৫ লাখতকৈও অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰে।

ডিজিটেল ডেস্ক: চৰকাৰী তথ্যঅনুসৰি, ২০২২ চনত ২.২৫ লাখতকৈও অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই তথ্য দাখিল কৰে। আম আদমী পাৰ্টিৰ সাংসদ নাৰায়ণ দাস গুপ্তাৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত এই তথ্য় দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে, ২০২২ চনত ২,২৫,৬২০ জন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। ২০২১ চনতকৈ ইয়াৰ সংখ্যা অধিক আছিল। ২০২১ বৰ্ষত ইয়াৰ সংখ্যা ১.৬ লাখতকৈ অধিক আছিল।

ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ব্যক্তিৰ সংখ্যা ২০১২ চনত ১,২০,৯২৩ ৰ পৰা ২০১৯ চনত ১,৪৪,০৭১ ৰ ভিতৰত আছিল। কিন্তু ২০২০ চনত ইয়াৰ সংখ্যা তীব্ৰ গতিত হ্ৰাস পাই ৮৫,২৫৬ হয়গৈ। সম্ভৱত কভিড মহামাৰীৰ বাবে উক্ত সময়চোৱাত ইয়াৰ সংখ্যা হ্ৰাস পায়।

তথ্য অনুসৰি ২০১১ চনৰ পৰা মুঠ ১৬,৬৩,৪৪০ জন ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰোপৰি এছ জয়সংশৰে ১৩৫ খন দেশৰ এক তালিকাও প্ৰকাশ কৰে য'ত ভাৰতীয় সকলে অধিক নাগৰিকত্ব লাভ কৰিছে।

আৰু পঢ়কঃ এখন হাত গুৱাহাটীত এৰি থৈ আহিল ফাইজুলে...

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in