এখন হাত গুৱাহাটীত এৰি থৈ আহিল ফাইজুলে...

ঘৰলৈ উভটি আহিল ফাইজুল । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱনৰ বাবে এৰি থৈ আহিল শৰীৰৰ সোঁহাতখন।

author-image
Asomiya Pratidin
New Update
এখন হাত গুৱাহাটীত এৰি থৈ আহিল ফাইজুলে...

ফাইজুল

ডিজিটেল সংবাদ, বোকাখাত: "ঘৰলৈ উভটি আহিল ফাইজুল । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱনৰ বাবে এৰি থৈ আহিল শৰীৰৰ সোঁহাতখন। আজীৱন এক পংগুত্বৰ জীৱন অতিবাহিত কৰিবলৈ সাজু বোকাখাত শেৱালিপাৰৰ ১৯ বছৰীয়া দৰিদ্ৰ পিতৃহীন যুৱকজন।

Advertisment

চলিত বৰ্ষৰ ৮ জানুৱাৰীত বোকাখাত বিজেপিৰ কাৰ্যালয়ত ৰঙৰ কাম কৰিবলৈ গৈ কাৰ্যালয়টোৰ ওপৰেদি পাৰহৈ যোৱা উচ্চ ক্ষমতাৰ ১১ কে ভি বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল ফাইজুল আলি। কাৰ্যালয়টোৰ মুধচৰ টিনৰ চালিত কাম কৰি থাকোতে সংঘটিত হৈছিল ঘটনাটো।

"আমি ৰঙৰ কাম কৰোঁ, তাতো ৰঙৰ কাম কৰিবলৈ গৈছিলোঁ যদিও সেই সময়ত চালৰ ওপৰত ৰদ এডাল লগোৱাৰ কাম কৰি আছিলোঁ, হঠাৎ কাৰেণ্ট লাগি গ'ল। তাৰ পিছত কি হ'ল হাস্পতালতহে গ'ম পাওঁ" - ফাইজুলে ক'লে।

ততাতয়াকৈ ফাইজুলক বোকাখাতৰ শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত কৰা প্ৰাথমিক চিকিৎসাৰ অন্তত অতি সংকটজনক অৱস্থাত অস্কিজেন সংযোগ কৰি যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও গুৱাহাটীত হোৱা চিকিৎসাত ফাইজুলৰ সোঁহাতখন কাতি পেলাব লগীয়া হয় চিকিৎসকে।

এজন উদীয়মান দৰিদ্ৰ ৰঙৰ মিস্ত্ৰীয়ে হেৰুৱাব লগীয়া হ'ল ৰং কৰি ভাত মোকোলোৱা এটা হাত। বোকাখাতৰ বিদ্যুৎ বিভাগৰ পৰা জানিব পৰা মতে ৮ জানুৱাৰীত বিজেপি কাৰ্যালয়টোত শ্ৰমিক নিয়োগ কৰাৰ কথা আগতিয়াকৈ বিদুৎ বিভাগক জনোৱা হোৱা নাছিল কাৰ্যালয়টোৰ তৰফৰ পৰা।

ফাইজুলৰ এগৰাকী আত্মীয়ই জানিবলৈ দিয়া মতে ইতিমধ্যে ২ লাখ টকাৰো অধিক ব্যয় কৰা হৈছে চিকিৎসাত। চিকিৎসকৰ মতে আৰু অধিক উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব ফাইজুলৰ। দিন হাজিৰা কৰা ফাইজুলৰ বাবে পৰৱৰ্তী চিকিৎসা সম্ভৱ হ'বনে ?

ইফালে অতি কষ্টৰে ২ লাখৰো অধিক ধন ব্যয় কৰি বৰ্তমানেও চিকিৎসাধীন ফাইজুলক চিকিৎসাৰ বাবে মাত্ৰ দুই হাজাৰ টকা প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে বোকাখাত বিজেপিয়ে।

" ২ লাখ টকাৰো অধিক খৰচ হ'ল বৰ্তমানলৈকে। ১৬ দিন চিকিৎসা কৰি সি আহি এতিয়া ঘৰ পালেহি, কিন্তু তেওঁলোকে বৰ্তমানলৈকে ল'ৰাটোৰনো কি হ'ল, বিশেষ খবৰ খাতি নল'লে, আনকি গুৱাহাটীত চিকিৎসা কৰি থাকোতেও এষাৰ মাত নলগালে" - বোকাখাত বিজেপি সন্দৰ্ভত এনেদৰে আক্ষেপ প্ৰকাশ কৰিলে পিতৃহীন ফাইজুলৰ এগৰাকী আত্মীয়ই।

উল্লেখযোগ্য যে, চচিয়েল মিডিয়াত ফাইজুলৰ ঘটনাটো প্ৰকাশ পোৱাৰ পাছত বিভিন্ন জনে যুৱকজনৰ এক স্থায়ী সংস্থাপনৰ বাবে বোকাখাত বিজেপিৰ প্ৰতি দাবী জনাইছে।

অৱশ্যে পৰবৰ্তী সময়ত বোকাখাত বিজেপিয়ে ফাইজুলৰ সংস্থাপনৰ বাবে কি পদক্ষেপ হাতত লয় সেয়া লক্ষণীয় হ'ব।

আৰু পঢ়ক: প্ৰমোদ বড়োক কটাক্ষ, হিমন্ত বিশ্বক প্ৰশংসা হাগ্ৰামা মহিলাৰীৰ

bokakhat