৭১ সংখ্যক 'চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ’ উদ্বোধন মন্ত্ৰী পিযুষ হাজৰীকাৰ

মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অৱস্থিত নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত আয়োজিত ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপৰ আজিৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে|
৭১ সংখ্যক 'চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ’ উদ্বোধন মন্ত্ৰী পিযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ |মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অৱস্থিত নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত আয়োজিত ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপৰ আজিৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে|

দেশৰ সকলো ৰাজ্যৰ প্ৰায় ২০০০ খেলুৱৈ তথা অংশগ্ৰহণকাৰীয়ে অংশ লোৱা চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ এইবাৰ অসমত আয়োজন কৰিবলৈ পাই গৌৰৱাম্বিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলো খেলুৱৈ তথা অংশগ্ৰহণকাৰীক অসমভূমিলৈ স্বাগতম জনায় | অসমত পৰম্পৰাগত ক্ৰীড়াৰ এক চহকী ঐতিহ্য আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই আহোম দিনৰে পৰা ক্ৰীড়াই ৰাজপৃষ্ঠপোষকতা লাভ কৰি আহিছে আৰু আহোম সকলৰ দিনত নিৰ্মিত ৰংঘৰ ইয়াৰ অন্যতম উদাহৰণ বুলি মন্তব্য কৰে |

আনহাতে বিগত সময়ত দেশৰ লগতে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰগতি কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণকে ধৰি ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰয়াস কৰি আহিছে |

উল্লেখযোগ্য যে ভলীবল ফেডাৰেচ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত আৰু অসম ভলীবল সন্থাৰ আতিথ্যত গুৱাহাটীত এইবাৰ ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে | এই প্ৰতিযোগিতাখন ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখ পৰ্যন্ত চলিব | প্ৰতিযোগিতাখন উদ্ধোধনৰ আগমূহুৰ্তত মন্ত্ৰী পীযুষ হাজৰীকাই ভলীবল ফেডাৰেচ্যন অৱ ইণ্ডিয়াৰ সচিব প্ৰধান অনিল চৌধাৰী আৰু অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাৰ সৈতে ৭১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপৰ পতাকা উত্তোলন কৰে |

আজিৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংঘাল, ভলীবল ফেডাৰেচ্যন অৱ ইণ্ডিয়াৰ উপ সভাপতি ৰথিন ৰয় চৌধুৰী, দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত ভলীবল খেলুৱৈ তথা প্ৰশিক্ষক গি.ই. শ্ৰীধৰণ, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ তথা ভলীবল ফেডাৰেচ্যন অৱ ইণ্ডিয়া আৰু অসম ভলীবল সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে |

আৰু পঢ়ক: ধৰ্ম, ৰাজনীতি, অৰ্থনীতি সকলোৰে উৰ্ধত প্ৰকৃতিঃ যাদৱ পায়েং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in