চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
ৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা

দাখিল কৰা হ'ল ২০২৪ বৰ্ষৰ বাজেটঃ কি কি আছে অন্তৰ্ৱৰ্তী বাজেটত

বাজেট দাখিল কৰি সীতাৰমণে উল্লেখ কৰে যে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ কৰা হ’ব। মহিলা, যুৱ প্রজন্ম আৰু গৰীৱ কল্যাণ হৈছে দেশৰ কল্যাণ মন্ত্ৰৰে দৰিদ্র লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা কয়।

author-image
Asomiya Pratidin
01 Feb 2024 15:12 IST

Follow Us

New Update
দাখিল কৰা হ'ল ২০২৪ বৰ্ষৰ বাজেটঃ কি কি আছে অন্তৰ্ৱৰ্তী বাজেটত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত ২০২৪ বৰ্ষৰ কেন্দ্রীয় চৰকাৰৰ অন্তৰ্ৱৰ্তী বাজেট দাখিল কৰে। ৩১ জানুৱাৰীৰ পৰা সংসদত আৰম্ভ হৈছে বাজেত অধিৱেশন।

Advertisment

বাজেট দাখিল কৰি সীতাৰমণে উল্লেখ কৰে যে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ কৰা হ’ব। মহিলা, যুৱ প্রজন্ম আৰু গৰীৱ কল্যাণ হৈছে দেশৰ কল্যাণ মন্ত্ৰৰে দৰিদ্র লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা কয়।

আনহাতে বাজেট অধিৱেশনত ২৫ কোটি লোকক দৰিদ্রতাৰ পৰা মুক্ত কৰাৰ কথা উল্লেখ কৰে। ৪ কোটি কৃষক প্রধানমন্ত্রী ফচল যোজনাৰ দ্বাৰা উপকৃত হৈছে। এইপৰ্যন্ত ১১.৮ কোটি কৃষকক চৰকাৰে সহায় কৰি আহিছে। স্কীল ইণ্ডিয়া মিছনৰ জৰিয়তে ১.৪ কোটি যুৱকক প্রশিক্ষণ দিয়া হৈছে। দেশত ৩৯০খন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও বাজেটত বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ।

ইফালে বাজেট ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়- ৮০ কোটি লোকক বিনামূলীয়াকৈ দিয়া হৈছে ৰেচন। দেশৰ অধিকাংশ লোকেই চৰকাৰী ঋণ লাভ কৰিছে । জি এচ টিৰ জৰিয়তে এক দেশ, এক বজাৰ, এক কৰ কৰা হৈছে। আন্তঃগাঁথনি খণ্ডত ১১ লাখ ১১ হাজাৰ ১১১ কোটি ব্যয় কৰা হ'ব । আন্তঃগাঁথনিত অতিৰিক্ত ১১ শতাংশ ব্যয় হ’ব । ৰাজ্যসমূহক ৭৫ হাজাৰ কোটি টকাৰ ঋণ প্রদান কৰা হ’ব ।

ইয়াৰোপৰি ১০ বছৰত প্রত্যক্ষ কৰৰ পৰিমাণ ৩ গুণ বৃদ্ধি হৈছে । নতুন কৰ নীতিত ৭ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাইৰ প্ৰস্তাৱ দিছে। অপৰিৱৰ্তিত আয়কৰ গাঁথনিৰ প্রস্তাৱ দিছে। প্রত্যক্ষ আৰু পৰোক্ষ কৰ গাঁথনি অপৰিৱৰ্তিত কৰ্পৰেট টেক্সৰ পৰিমাণ ২২ শতাংশলৈ হ্রাস কৰা হৈছে। দেশৰ ৭০ শতাংশ মহিলাই চৰকাৰী আৱাস লাভ কৰিছে ।

৫ বছৰত ২ কোটি নতুন চৰকাৰী ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। দেশৰ ১ কোটি মহিলা ‘লাখপতি বাইদেউ’ আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। ‘লাখপতি বাইদেউ’ আঁচনিত ৩ কোটি মহিলাক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ উল্লেখ কৰে যে, ১ কোটি পৰিয়ালক সৌৰশক্তিৰ দ্বাৰা ৩০০ ইউনিটকৈ বিনামূলীয়া বিজুলী যোগান ধৰা হ'ব । ৮৩ লাখ আত্মসহায়ক গোটৰ দ্বাৰা উপকৃত হ'ব ৯ কোটি মহিলা। দেশত ৩ হাজাৰ নতুন আই টি আই স্থাপন কৰা হৈছে । ৭খন নতুন আই আই টি আৰু ৭খন আই আই এম ৰ কাম চলি থকাৰ কথা উল্লেখ কৰে ।

দেশত ১৫খন নতুন এইমছ্ স্থাপন কৰা হ'ব। নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে। জৰায়ু আৰু কৰ্কট ৰোগ নিৰ্মূলৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়।

৯ৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰীৰ টিকাকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। দুগ্ধ উন্নয়নৰ ক্ষেত্রতো বিশেষ গুৰুত্ব প্রদান কৰিছে। নেন’ ইউৰিয়াৰ সফলতাৰ পিছত এইবাৰ নেন' ডি অ' পি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা বৃদ্ধি কৰা হ’ব। পৃথক মীন পালন বিভাগৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে পৰ্যটন কেন্দ্রসমূহৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি অধিৱেশনত মন্ত্ৰীগৰাকীয়ে কয় যে, তীৰ্থক্ষেত্রসমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব চৰকাৰে। লাক্ষাদ্বীপৰ উন্নয়নত অধিক গুৰুত্ব আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে অনাগত ১০ বছৰত বিমান বন্দৰৰ সংখ্যা দুগুনলৈ বৃদ্ধি কৰা হ'ব। ইলেক্ট্রিক বাছৰ সংখ্যা বৃদ্ধিতো গুৰুত্ব দিয়া হ’ব। দেশৰ জনসংখ্যা নিয়ন্ত্রণৰ বাবে গঠন কৰা হ’ব বিশেষ কমিটী । বিকশিত ধাৰণাত কাম কৰিব এই সমিতিয়ে । দেশখনক আৰ্থিক ক্ষেত্ৰত আগুৱাই নিবৰ বাবে নিৰ্মাণ কৰা হ’ব ৩ টা নতুন ৰে’লৱে কৰিড’ৰ । ইয়াৰ লগতে বন্দে ভাৰত এক্সপ্রেছত সংযোজিত হ’ব ৪০ হাজাৰ সাধাৰণ দবা।

Also Read: ষষ্ঠবাৰৰ বাবে সদনত বিত্ত মন্ত্ৰীৰ বাজেট দাখিল : পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য

Budget 2024 Budget session. nirmala sitaraman
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!