বন্ধ হ'ল ২০০০ টকীয়া নোটৰ প্ৰচলন ! RBI ৰ নতুন নিৰ্দেশনা, পঢ়ক সবিশেষ...

বন্ধ হ'ল ২০০০ টকীয়া নোটৰ প্ৰচলন ! RBI ৰ নতুন নিৰ্দেশনা, পঢ়ক সবিশেষ...

author-image
Asomiya Pratidin
New Update
বন্ধ হ'ল ২০০০ টকীয়া নোটৰ প্ৰচলন ! RBI ৰ নতুন নিৰ্দেশনা, পঢ়ক সবিশেষ...

বন্ধ হ'ল ২০০০ টকীয়া নোটৰ প্ৰচলন ! RBI ৰ নতুন নিৰ্দেশনা, পঢ়ক সবিশেষ...

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা উপলব্ধ নহ'ব ২০০০ হাজাৰ টকীয়া নোট। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকসমূহক তেওঁলোকৰ গ্ৰাহকক ২০০০ টকীয়া নোট নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। ক্লীন নোট পলিচীৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। ইয়াৰোপৰি জনসাধাৰণে যিকোনো এটা বেংকৰ শাখালৈ গৈ তেওঁলোকৰ হাতত থকা ২০০০ টকীয়া নোট বেংকত জমা অথবা সালসলনি কৰিব পাৰিব।

Advertisment

উল্লেখ্য যে, ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট প্ৰচলন কৰিছিল। বিমুদ্ৰাকৰণৰ লক্ষ্য আছিল নকল নোটৰ প্ৰচলন হ্ৰাস কৰা, ক'লা ধন ঘূৰাই অনা আদি।

কিন্তু ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা হ'ল যদিও এই ২০০০ টকীয়া নকল নোট বজাৰত সহজতে মেলি দিলে একাংশ অসাধু চক্ৰই। যাৰ বাবে বিগত দিনবোৰত ২০০০ টকীয়া নোট বন্ধ কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছিল। বিষয়টো সংসদৰ মাজতো উত্থাপিত হৈছিল।

তাৰ মাজতে আজি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এক জাননীৰ জৰিয়তে এই নোট বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকে আৰ বি আই আইন ১৯৩৪ ৰ ধাৰা ২৪ (১) ৰ অধীনত এই ২০০০ টকীয়া নোট প্ৰচলন কৰিছিল।

সেই সময়ত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ সময়ত অৰ্থনীতিত মুদ্ৰাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ২০০০ টকীয়া নোট প্ৰচলন কৰা হৈছিল। কিন্তু এই ২০০০ টকীয়া নোট তেতিয়াহে উপলব্ধ হ'ল যেতিয়া ৫০০ কে ধৰি সকলো ধৰণৰ নোট বজাৰত উপলব্ধ হৈ পৰিল।

সেয়ে ২০১৮-১৯ বৰ্ষত এই ২০০০ টকীয়া নোট ছপা কৰা বন্ধ কৰা হৈছিল। ইয়াৰোপৰি আৰ বি আইৰ ফালৰ পৰা কোৱা হৈছে ২০১৭ চনলৈ ২০০০ টকীয়া নোটৰ ৮৯ শতাংশ জাৰী কৰা হৈছিল যদিও ৪/৫ বছৰৰ ভিতৰত এই নোটৰ প্ৰচলন ২৬.৭৩ লাখ কোটিৰ পৰা ৩.৬২ লাখ কোটিলৈ হ্ৰাস পায়।

২০২৩ ৰ ৩১মাৰ্চলৈ বজাৰত এই নোটৰ প্ৰচলন ১০.৮ শতাংশহে আছেগৈ। ইয়াৰোপৰিও দেখা গৈছে বজাৰত অন্যান্য মূল্যৰ নোটৰ পৰ্যাপ্ত প্ৰচলন থকাৰ বাবে এই ২০০০ টকীয়া নোট সাধাৰণ লেনদেনত ব্যৱহাৰ কৰা নহয়।

এই কাৰণবোৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ক্লীন নোট পলিচি অনুসৰি ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ২০০০ টকীয়া নোটবোৰ কেৱল লিগেল টেণ্ডাৰ হিচাপেহে থাকিব।

জনসাধৰণে তেওঁলোকৰ হাতত থকা সকলো ২০০০ টকীয়া নোট বেংকলৈ গৈ জমা কৰিব পাৰিব, অথবা সেইবোৰ আন নোটৰ সৈতে সলনি কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাথাকিব।

বেংকৰ প্ৰতিটো শাখাৰ নিয়মীয়া কাৰ্যত ব্যাঘাত নজন্মাকৈ এই কাৰ্য সম্পাদন কৰিবলৈ ২৩ মে' ২০২৩ ৰ পৰা একেসময়তে যিকোনো বেংকত সৰ্বাধিক ২০ হাজাৰ টকালৈ এনে ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব।

Also Read: শিৱসাগৰ জিলা প্ৰশাসনৰ অপাৰেশ্যন 'বণ্ড চাইন' ! চুক্তিত স্বাক্ষৰ কৰা নতুবা জে'ললৈ যোৱা...

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া