শিৱসাগৰ জিলা প্ৰশাসনৰ অপাৰেশ্যন 'বণ্ড চাইন' ! চুক্তিত স্বাক্ষৰ কৰা নতুবা জে'ললৈ যোৱা...

শিৱসাগৰ জিলা প্ৰশাসনৰ অপাৰেশ্যন 'বণ্ড চাইন' ! চুক্তিত স্বাক্ষৰ কৰা নতুবা জে'ললৈ যোৱা...
শিৱসাগৰ জিলা প্ৰশাসনৰ অপাৰেশ্যন 'বণ্ড চাইন' ! চুক্তিত স্বাক্ষৰ কৰা নতুবা জে'ললৈ যোৱা...

ডিজিটেল ডেস্কঃ অসমত কাহানিও নোহোৱা নোপোজা এক ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত। জিলাখনৰ শান্তি, শৃংখলা অটুট ৰখাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে অপাৰেশ্যন 'বণ্ড চাইন'। সেই অনুসৰি বিভিন্ন দল, সংগঠনৰ নেতালৈ জাৰি কৰিছে চমন। স্বাক্ষৰ কৰোৱাইছে চুক্তি পত্ৰত।এই নেতাসকলে আন্দোলন, প্ৰতিবাদ আদি কৰিলেই যাব লাগিব জে'ললৈ।

উল্লেখ্য যে, শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ শান্তি, শৃংখলা ভংগ হোৱাৰ আশংকাত ভূগি কেইবাটাও সংগঠনৰ নেতালৈ আগতীয়াকৈ প্ৰেৰণ কৰিছে চমন। সেই চমন লাভ কৰা নেতাসকলক জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশগৰাকীৰ কাৰ্যালয়লৈ মাতি একোখনকৈ চুক্তি পত্ৰত স্বাক্ষৰ কৰোৱা হৈছে।

তেওঁলোকে যাতে আগন্তক সময়ত কোনো প্ৰতিবাদ, আন্দোলন আদি কৰিব নোৱাৰে তাৰ বাবেই এই চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱা হৈছে। আজি জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত আহি উপস্থিত হৈ বীৰ লাচিত সেনাৰ সচিব প্ৰধান ৰণ্টু পানী ফুকনে এনে চুক্তি পত্ৰত স্বাক্ষৰ কৰি কয় যে, সকলোকে আনি আনি এনেধৰণে হাত ভৰি বান্ধি প্ৰতিবাদ কৰিব নোৱাৰাকৈ এবছৰলৈ কঠোৰ ভাৱে বাধ্য বাধকতা আৰোপ কৰিছে।

তেওঁ কয়, যেতিয়াই খিলঞ্জীয়াৰ অধিকাৰৰ কথা আহিব, নিজৰ অস্তিত্বৰ বিষয়টোৰ প্ৰশ্ন জড়িত হৈ থাকিব তাত প্ৰতিবাদ হ’বই। ৰণ্টু পানী ফুকনক এইদৰে স্বাক্ষৰ কৰাই বীৰ লাচিত সেনাৰ গতিক যদি স্তব্ধ কৰিব বিচাৰিছে তেন্তে তেওঁলোকে ভুল ভাবিছে। 

ৰণ্টু পানী ফুকনৰ উপৰিও জিলা প্ৰশাসনে এনে চমন প্ৰেৰণ কৰিছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ সম্পাদক অনুপম সন্দিকৈ, সংগ্ৰামী সেনাৰ  চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চৰ প্ৰশান্ত বৰগোঁহাই আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নেতা দেৱজিত দত্তলৈ। উল্লেখ্য যে, ভাৰতীয় দণ্ড বিধিৰ ১০৭ নম্বৰ ধাৰা অনুসৰি ১২/২০২৩ নম্বৰত গোচৰ ৰুজু কৰা হৈছে এইসকল নেতাৰ বিৰুদ্ধে।

এতিয়াৰে পৰা তেওঁলোকে প্ৰতিবাদ, আন্দোলন আদি কৰিব নোৱাৰিব। আনহাতে প্ৰশাসনৰ দৃষ্টিত প্ৰৰোচনামূলক মন্তব্য কৰিলেই এইসকল নেতাৰ বিপদ অনিবাৰ্য। 

শিৱসাগৰ প্ৰশাসনৰ এই কাৰ্যক গৰিহণা দিয়াৰ লগতে অগণতান্ত্ৰিক আখ্যা দিছে শিৱসাগৰ সমষ্টিৰ  বিধায়ক অখিল গগৈয়ে। তেওঁ নিজৰ ফেচবুকত লিখিছে, ‘’অসমত পুৰাপুৰি জৰুৰীকালিন অৱস্থাৰ পুনৰাবৃত্তি। আগতে নুশুনা, আগতে নেদেখা ভয়ংকৰ কাণ্ড। শুনিছিলোঁ জৰুৰীকালিন সময়ত (১৯৭৫-৭৭ চন) ভাৰতত এনে ঘটনা ঘটিছিল। পুনৰ আৰম্ভ হ’ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। বিজেপি-আৰএছএছৰ শাসন কালত।

যোৱা কেইদিন মানত অসমৰ বিভিন্ন সংগঠনৰ নেতাসকলক শিৱসাগৰ প্ৰশাসনে মতাই নিছে আৰু অহা এবছৰলৈ আন্দোলন কৰিব নোৱাৰিব বুলি “বণ্ড চাইন” কৰাই লৈছে।

তেওঁ বণ্ড চাইন কৰা নেতাসকলৰ নাম আৰু সংগঠনৰ বিষয়ে উল্লেখ কৰি পুনৰ লিখিছে, ''প্ৰথমে অনুপমক পুলিচে মাতি নিলে। জাননী দিয়া নাই। কাৰ্যবাহী দণ্ডাধীশ জীৱন কৃষ্ণ গোস্বামীৰ সন্মুখত থিয় কৰাই “বণ্ড চাইন” কৰাই ল’লে। তাৰ পাছৰ চাৰিজনক চি আৰ পি চি ১০৭ নং ধাৰাত জাননী দি মাতিলে। “ বণ্ড চাইন” কৰাই ল’লে। আজি বীৰ লাচিত সেনাৰ প্ৰধান সচিবজনে চহী কৰি আহিলে। তেওঁলোকে মোক জনোৱা মতে কাৰ্যবাহী দণ্ডাধীশজনে হয় চহী কৰিবলৈ ক’লে, নহ’লে গ্ৰেপ্তাৰ কৰিব বুলি জনালে। আটায়ে চহী কৰি আহিল। তেওঁলোকে জনোৱা মতে , তেওঁলোকক অহা এবছৰলৈ আন্দোলন নকৰিবলৈ আৰু মানুহক আন্দোলনমুখী কৰা ভাষণ নিদিবলৈ চহী কৰোৱা হৈছে।''

শিৱসাগৰ জিলা প্ৰশাসনৰ অপাৰেশ্যন 'বণ্ড চাইন' ! চুক্তিত স্বাক্ষৰ কৰা নতুবা জে'ললৈ যোৱা...
প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in