পিতৃৰ বন্ধুয়ে দলবদ্ধ ধৰ্ষণ কৰিলে ১৫ আৰু ১৩ বছৰীয়া দুই ভগ্নীক

ৰাজস্থানৰ আলৱাৰ জিলাৰ এটা ইটাভাটাত পিতৃৰ দুজন সহকৰ্মীয়ে দুগৰাকী কিশোৰী ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

পিতৃৰ বন্ধুয়ে দলবদ্ধ ধৰ্ষণ কৰিলে ১৫ আৰু ১৩ বছৰীয়া দুই ভগ্নীক

ডিজিটেল ডেস্কঃ দলবদ্ধ ধৰ্ষণৰ বলি হৈ অন্তসত্বাঃ হ'ল দুই ভগ্নী। সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজস্থানৰ আলৱাৰ জিলাৰ এটা ইটাভাটাত পিতৃৰ দুজন সহকৰ্মীয়ে দুগৰাকী কিশোৰী ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দুয়োগৰাকী ভগ্নী বৰ্তমান গৰ্ভৱতী।

Advertisment

কিশোৰী দুগৰাকীৰ পিতৃয়ে শুকুৰবাৰে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। তেওঁ অভিযোগ উত্থাপন কৰে যে, তেওঁৰ ১৫ আৰু ১৩ বছৰীয়া কন্যাক ছাপ্পি আৰু সুভনে ধৰ্ষণ কৰিছে।

যেতিয়া ডাঙৰ ছোৱালীজনীয়ে পেটৰ বিষ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাত ভুগিছিল তেতিয়া এই ঘটনা পোহৰলৈ আহিছিল। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছত গম পাইছিল যে কিশোৰীগৰাকী ৭ মাহৰ গৰ্ভৱতী। তেতিয়াই কিশোৰীগৰাকীয়ে কয় যে, তেওঁৰ ভগ্নীকো তেওঁলোকে ধৰ্ষণ কৰিছিল। । যি গৰাকী কিশোৰী বৰ্তমান ৩ মাহৰ গৰ্ভৱতী।

কিশোৰী কেইগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, তেওঁলোকক ধৰ্ষণৰ পাছত হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছিল। লগতে অভিযুক্তই ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলো কৰিছিল। বৰ্তমান সময়লৈকে ঘটনা সন্দৰ্ভত কোনো অভিযুক্ত গ্ৰেপ্তাৰ হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

crime