ৰাম নৱমীৰ দিনা কুৱাত পৰি মৃত্যু হোৱা সকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইন্দোৰ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ হকে সাহায্য ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
ৰাম নৱমীৰ দিনা কুৱাত পৰি মৃত্যু হোৱা সকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইন্দোৰ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ হকে সাহায্য ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত ক্ষতিপূৰণ ঘোষণা কৰিছে নিহত আৰু আহত সকলৰ পৰিয়ালৰ বাবে।

Advertisment

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইট যোগে জনাই এই কথা। টুইটটোত জনোৱা অনুসৰি নিহত সকলৰ পৰিয়ালললৈ ২ লাখ আৰু আহত সকলৰ পৰিয়াললৈ ৫০,০০০ ৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

উল্লেখ্য যে, বৃহস্পতিবাৰে মধ্যপ্ৰদেশত সংঘটিত হৈছিল শোকাবহ ঘটনা।  ৰাজ্যখনৰ ইন্দোৰস্থিত বালেশ্বৰ মন্দিৰত এটা কুঁৱাৰ ঢাকোন খহি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছিল। য'ত প্ৰায় ১৩ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আহত হৈছিল বহুতো।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল। লগতে আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকা ঘোষণা কৰিছিল।     

Also Read: দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী...

narendra modi madhya pradesh