/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fa895f7b-7401-491d-8475-8ff9973bffbe/PROTEST_23.jpg)
নিশা ২ আৰক্ষীৰ মৃত্যুঃ NSA ৰ অধীনত কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু...
ডিজিটেল ডেস্কঃ ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কৃষকৰ দিল্লী চলো যাত্ৰাৰ মাজতে সৃষ্টি হৈছে ব্যাপক আক্ৰমণ, প্ৰতি আক্ৰমণৰ ঘটনা। দিল্লী আৰক্ষীয়ে সীমান্তত নিৰাপত্তাৰ বেহু ৰচনা কৰাৰ সমান্তাৰালকৈ প্ৰতিবাদী কৃষকসকলে সেই বেহু ভেদ কৰিবলৈ ব্যাপক চেষ্টা অব্যাহত ৰাখিছে।
তাৰ মাজতে বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ অম্বালাত আন্দোলনকাৰী কৃষক আৰু আৰক্ষী কৰ্মীৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হয়। এই সংঘাতত দুজনকৈ আৰক্ষীৰ লোক নিহত হৈছে বুলি দাবী কৰিছে বিজেপি শাসিত হাৰিয়ানাৰ আৰক্ষী বিভাগে।
#हरियाणापुलिस के सब इंस्पेक्टर विजय कुमार का देर सांय हुआ निधन। किसान आंदोलन के दौरान टोहाना बॉर्डर पर तैनात थे विजय कुमार। ड्यूटी के दौरान अचानक हुई तबीयत खराब, आंदोलन में अब तक तीन पुलिस अधिकारियों का हो चुका देहांत। पुलिस महानिदेशक ने किया दुख व्यक्त। @ssk303 @anilvijminister pic.twitter.com/j1f0pQsjJJ
— Haryana Police (@police_haryana) February 21, 2024
আনহাতে আহত আৰক্ষী কৰ্মীৰ সংখ্যা ৩০ গৰাকীৰো অধিক বুলি দাবী কৰিছে। শুকুৰবাৰে হাৰিয়ানা চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি নিশা প্ৰতিবাদী কৃষকসকলে জোৰ কৰি দিল্লীত প্ৰৱেশৰ চেষ্টা কৰিছিল।
আনহাতে বৃহস্পতিবাৰে নিশাই হাৰিয়ানাৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জনাইছে। প্ৰতিবাদী কৃষকসকলে শম্ভু সীমান্তত বেৰিকেড ভঙাৰ চেষ্টা, চৰকাৰী সম্পত্তি ধ্বংস, আৰক্ষীৰ ওপৰত আক্ৰমণ আদিৰ অভিযোগেৰে গোচৰ ৰুজু কৰিছে।
किसान आंदोलन में शंभू बॉर्डर पर तैनात एक और पुलिसकर्मी ESI, कौशल कुमार का हुआ निधन। ड्यूटी के दौरान अचानक हुई तबीयत खराब, अस्पताल ले जाने पर चिकित्सकों ने किया मृत घोषित। डीजीपी @ssk303 ने उनकी मृत्यु पर शोक व्यक्त करते हुए ईश्वर से उनकी आत्मा की शान्ति की कामना की। @cmohry pic.twitter.com/F5KBdPBtnI
— Haryana Police (@police_haryana) February 20, 2024
হাৰিয়ানা আৰক্ষীৰ দাবী ধাৰাবাহিকভাৱে কৃষক নেতাসকলে ধাৰাবাহিকভাৱে আইন শৃংখলা ভাঙিবলৈ চেষ্টা কৰি অশান্তি বিয়পাই আছে। দুই আৰক্ষী কৰ্মীৰ মৃত্যুৰ কথা উল্লেখ কৰি এক্স হেণ্ডেলত হাৰিয়ানা আৰক্ষীৰ দাবী সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰিও আন্দোলনক উচতনি দিয়া হৈছে।
এই পৰিস্থিতিত অপৰাধজনিত কামকাজ ৰোধ কৰাৰ স্বাৰ্থত কৃষক সংগঠনসমূহৰ মুখ্য নেতৃত্ব আৰু আন্দোলনকাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি আক্ৰমণকাৰীক চিহ্নীত কৰি তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰো প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জনাইছে হাৰিয়ানা আৰক্ষীয়ে।
ইফালে বুধবাৰে আন্দোলনৰ সময়ত মূৰত আঘাত পোৱাৰ ফলত মৃত্যু হৈছিল ২১ বছৰীয়া কৃষক শুভকৰণ সিং। তেওঁৰ মূৰত গুলীয়ে আঘাত কৰিছে বুলি কৃষকসকলে দাবী কৰিছে যদিও হাৰিয়ানা আৰক্ষীয়ে এই অভিযোগ অসত্য বুলি দাবী কৰিছে।
Also Read: প্ৰতিবাদস্থলীতে কৃষকৰ মৃত্যুঃ আছিল ৮ লাখ টকাৰ ঋণৰ বোজা...