চলিত বৰ্ষত ২ কোটি পৰ্যটকে ভ্ৰমণ কৰিছে কাশ্মীৰ...

চলিত বৰ্ষত ২ কোটি পৰ্যটকে ভ্ৰমণ কৰিছে কাশ্মীৰ...

ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষত কাশ্মীৰলৈ আগমন ঘটিছে ২ কোটি পৰ্যটকৰ। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই তথ্য দিয়ে। লগতে কয় যে কাশ্মীৰৰ নিৰাপত্তা উন্নত হৈছে যাৰ বাবে অধিক পৰ্যটকৰ আগমন ঘটিছে।

তেওঁ লগতে কয় যে, নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। কাঠুৱা জিলাত এক অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ এই মন্তব্য কৰে।

বৃহস্পতিবাৰে পুঞ্চ জিলাত সন্ত্ৰ্ৰাসবাদীয়ে সেনাৰ বাহনত আক্ৰমণ চলোৱাৰ ফলত ৫ জন সেনা শ্বহীদ হোৱাৰ লগতে আন দুজন আহত হয়। এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়, এনে ঘটনাক উপেক্ষা কৰিব নোৱাৰি আৰু সংশ্লিষ্ট সংস্থাসমূহে সেইবোৰৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে।

মন্ত্ৰীগৰাকীয়ে কয়, চলিত বৰ্ষত দুই কোটি পৰ্যটক কাশ্মীৰলৈ আহিছে। গতিকে নিৰাপত্তা ব্যৱস্থা যে আগতকৈ উন্নত হৈছে সেয়া ইয়াৰেই সংকেত।

চলিত বৰ্ষত ২ কোটি পৰ্যটকে ভ্ৰমণ কৰিছে কাশ্মীৰ...
কাজিৰঙাত দীৰ্ঘদিন ধৰি বিকল কোটিটকীয়া চেনচৰ কেমেৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in