কাজিৰঙাত দীৰ্ঘদিন ধৰি বিকল কোটিটকীয়া চেনচৰ কেমেৰা

বন বিভাগে স্থাপন কৰা চেনচৰ কেমেৰা সমূহ দীৰ্ঘ দিন ধৰি বিকল হৈ থকাৰ বিৰুদ্ধে অব্যাহত আছে দল সংগঠনৰ প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত দীৰ্ঘদিন ধৰি বিকল কোটিটকীয়া চেনচৰ কেমেৰা

ডিজিটেল সংবাদ, কাজিৰঙাঃ বন্যজন্তুৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বন বিভাগে স্থাপন কৰা চেনচৰ কেমেৰা সমূহ দীৰ্ঘ দিন ধৰি বিকল হৈ থকাৰ বিৰুদ্ধে অব্যাহত আছে দল সংগঠনৰ প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷

Advertisment

ইতিমধ্যে দল সংগঠনে কেমেৰা সমূহ সক্ৰিয় কৰাৰ বাবে চৰকাৰ তথা বন বিভাগক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত পুনৰ বিষয়টোৰ ওপৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ অভিযোগ মতে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ৯ টা এনিমেল কৰিডৰত চেনচৰ কেমেৰা স্থাপন কৰাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰিছে বন বিভাগে ৷

এনিমেল কৰিডৰ সমূহত কেৱল কেমেৰা কেইটাহে আছে যদিও কাৰ্যক্ষম নহয় ৷ আনকি মুখ্যমন্ত্ৰী তথা একাংশ মন্ত্ৰী আমোলাৰ স্বাৰ্থত কোনো কোনো স্থানৰ পৰা আঁতৰাই নিয়া হৈছে কেমেৰা ৷ গতিকে বন বিভাগে নিজৰ খেয়ালখুচি মতে কাম কৰিব বিচৰা কাৰ্যক প্ৰতিবাদ জনাই কেমেৰা সমূহ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে ৷

Also Read: এ আই চি চিত ব্যাপক ৰদ-বদল : জীতেন্দ্ৰ সিঙক পুনৰ অসমৰ প্ৰভাৰীৰ দায়িত্ব

kaziranga national park