খেলিবলৈ গৈছিল দুই শিশু, কাঠৰ বাকচত উদ্ধাৰ মৃতদেহ

কাঠৰ বাকচত উদ্ধাৰ দুটিকৈ শিশুৰ মৃতদেহ। শিশু দুটা নিৰুদ্দেশ হোৱাৰ কেইঘন্টামান পাছতেই উদ্ধাৰ হয় মৃতদেহ দুটা।

author-image
Asomiya Pratidin
New Update
খেলিবলৈ গৈছিল দুই শিশু, কাঠৰ বাকচত উদ্ধাৰ মৃতদেহ

ডিজিটেল ডেস্কঃ কাঠৰ বাকচত উদ্ধাৰ দুটিকৈ শিশুৰ মৃতদেহ। শিশু দুটি নিৰুদ্দেশ হোৱাৰ কেইঘন্টামান পাছতেই উদ্ধাৰ হয় মৃতদেহ দুটা। এই ঘটনা দক্ষিণ-পূৱ দিল্লীৰ। উদ্ধাৰ হোৱা শিশুদুটিৰ বয়স ৮ আৰু ৬ বছৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি শিশু দুটি পিতৃবলবীৰৰ সৈতে বাস কৰিছিল। তেওঁ গাৰ্ডৰ কাম কৰিছিল। শিশু দুটিয়ে মঙলবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত খেলিবলৈ ওলাই গৈছিল আৰু তাৰ পাছৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

আৰক্ষীয় জনোৱা অনুসৰি শিশু দুটিৰ দেহত আঘাতৰ কোনো চিন নাই। সম্ভৱত খেলি খকাৰ সময় দুয়ো দুৰ্ঘটনা বশত বাকচৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

Also Read: ওদালগুৰি বিজেপিত সংঘাত! দলত্যাগ কৰিলে একাংশই

delhi crime