পুনৰ জম্মু-কাশ্মীৰত ছহিদ হ'ল ২ সেনা জোৱানঃ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল এম্বুলেন্স...

উদ্ধাৰকাৰীয়ে মৃত সেনা দুজনক দ' খাৱৈৰ পৰা উদ্ধাৰ কৰে
পুনৰ জম্মু-কাশ্মীৰত ছহিদ হ'ল ২ সেনা জোৱানঃ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল এম্বুলেন্স...

ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত নিহত হ'ল দুজনকৈ সেনা জোৱান। এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে দুয়ো সেনা জোৱানে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শনিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সেনা বাহিনীৰ এখন এম্বুলেন্স পথ দুৰ্ঘটনাত পতিত হয়। ফলত এম্বুলেন্সখনত থকা ২ জন সেনা জোৱানৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত পতিত হোৱা এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পিছলি গৈ এটা দ' খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰীয়ে মৃত সেনা দুজনক দ' খাৱৈৰ পৰা উদ্ধাৰ কৰে।

এই ঘটনাত নিহত হোৱা দুজন জোৱানৰ এজন স্থানীয় ৰৌজৰী জিলাৰ আৰু আনজন জোৱান বিহাৰৰ বুলি জানিব পৰা গৈছে। ৰৌজৰী জিলাৰ জোৱানজনেই চলাই আহিছিল এম্বুলেন্সখন।

মন কৰিবলগীয়া যে ছিকিমত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ১৬ জন জোৱানৰ মৃত্যু হৈছিল। যোৱা ২০ এপ্ৰিলত জম্মু-কাশ্মীৰৰ ৰৌজৰী জিলাতেই সংঘটিত হোৱা এক সন্ত্ৰাস আক্ৰমণত ৫ জন সেনা ছহিদ হৈছিল।

আৰু এজন জোৱানক অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি সংঘটিত হোৱা এই পথ দুৰ্ঘটনা ইমানেই ভয়ানক আছিল যে, সেনাৰ এম্বুলেন্সখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে।

পুনৰ জম্মু-কাশ্মীৰত ছহিদ হ'ল ২ সেনা জোৱানঃ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল এম্বুলেন্স...
মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in